প্ৰথমবাৰ ইংৰাজীৰ লগতে অসমীয়া ভাষাত APSCৰ পৰীক্ষাৰ প্ৰশ্ন

অসম লোকসেৱা আয়োগৰ সংযুক্ত অসামৰিক সেৱাৰ পৰীক্ষাসমূহ (মূল) কাইলৈৰ পৰা অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ৰাজ্যখনৰ কেইবা হাজাৰ মেধা ছাত্ৰ-ছাত্ৰী এই পৰীক্ষাৰ বাবে সাজু হৈছে৷ পৰীক্ষাসমূহ কোনো সমস্যা তথা বিতৰ্ক অবিহনে অনুষ্ঠিত কৰিবলৈ অসম লোকসেৱা আয়োগ কৰ্তৃপক্ষই বিভিন্ন ব্যৱস্থা লোৱা বুলি জানিব পৰা গৈছে৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰ ইংৰাজীৰ লগতে অসমীয়াত পৰীক্ষা অনুষ্ঠিত হ’ব বুলি কৈ এয়া ভাল খবৰ বুলি অভিহিত কৰে৷

সামাজিক মাধ্যমত পোষ্ট দি মুখ্যমন্ত্ৰীয়ে কয় ‘‘অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ মেইনছ্ কাইলৈৰ পৰা আৰম্ভ হ’ব। ভাল লগা কথা যে আমাৰ চৰকাৰৰ নিৰ্দেশনাৰ বাবে এই পৰীক্ষাত প্ৰথমবাৰৰ বাবে প্ৰতিটো প্ৰশ্ন ইংৰাজীৰ উপৰি অসমীয়া ভাষাতো থাকিব৷ এই ঐতিহাসিক পদক্ষেপৰ বাবে অসম লোকসেৱা আয়োগলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো। লগতেসমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিলো৷’’ ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি অসমীয়া ভাষা সংযোজন কৰা হৈছে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত।”

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…