প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৩.৮ লাখ নতুন ঘৰ, ১ এপ্ৰিলত বিহালীত মহিলা উদ্যমিতাৰ প্ৰথম কিস্তি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ আগতেই একাধিক অভিলাষী আঁচনিৰ ঘোষণা কৰে। ইয়াৰে মূল ঘোষণাসমূহ হৈছে—

১. প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩.৮ লাখ নতুন ঘৰ:

  • অসমলৈ ৩ লাখ ৮০ হাজাৰ নতুন ঘৰৰ অনুমোদন দিয়া হৈছে।
  • প্ৰথম কিস্তিৰ ধন বিতৰণ ১৯ মাৰ্চত পলাশবাৰীত বিতৰণ হ’ব।
  • এতিয়ালৈ ২২ লাখ পৰিয়ালে এই যোজনাৰ সুবিধা লাভ কৰিছে।
  • নতুনকৈ জিঅ’-টেগিং প্ৰক্ৰিয়া ১৭ৰ পৰা ৩১ মাৰ্চলৈ ‘জীৱিকা সখী’ৰ সহায়ত কৰা হ’ব। ইয়াত পৰিয়ালে নিজেও ঘৰ টেগ কৰিব পাৰিব।

২. মহিলা উদ্যমিতা আঁচনি:

  • মহিলা স্ব-সহায়ক গোটে ১০,০০০ টকাৰ পৰা ৫০,০০০ টকলৈ ঋণ পাব। চৰকাৰে ৫০% ঋণৰ জামিন দিব।
  • ৩য় বা ততোধিক সন্তান থকা মহিলা বাদে; কিন্তু এছটি/এছচি, মৰাণ, মটক, চাহ জনগোষ্ঠীৰ মহিলাৰ বাবে ৪ সন্তানলৈ সুবিধা থাকিব।
  • ৩১ মাৰ্চলৈ চূড়ান্ত তালিকা প্ৰস্তুত কৰি ১ এপ্ৰিলত বিহালী সমষ্টিত প্ৰথম কিস্তি বিতৰণ হ’ব।

৩. পলিটেকনিক প্ৰৱক্তাৰ চাকৰিৰ বিষয়:

  • ২০১৭ চনত নিযুক্তি পোৱা অংশকালীন প্ৰৱক্তাৰ ভিতৰত ১৪৭ জনক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁলোকে নিযুক্তি পৰীক্ষা দিব লাগিব।
  • ঠিকাভিত্তিক নিযুক্তি নিষিদ্ধ কৰাৰ পিছতো বয়সৰ চৰ্ত শিথিল কৰাৰ আশ্বাস দিয়া হৈছে।
  • তিনিখন নতুন পলিটেকনিক স্থাপনৰ পৰিকল্পনা কৰা হৈছে।

অমিত শ্বাহৰ ভ্ৰমণৰ তাৰিখ:

  • ১৪ মাৰ্চ: যোৰহাটত উপস্থিতি, লাচিত বৰফুকন আৰক্ষী একাডেমীত নৈশযাপন।
  • ১৫ মাৰ্চ: একাডেমীৰ নৱনিৰ্মিত ভৱন উদ্বোধন, তাৰপিছত মিজোৰামলৈ গৈ অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় স্থানান্তৰ কাৰ্যসূচীত অংশগ্ৰহণ।
  • ১৬ মাৰ্চ: কোকৰাঝাৰৰ দোতমাৰ এবছুৰ অধিৱেশনত যোগদান, সন্ধিয়া গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক।

 

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে