প্ৰবীণ পৰিবেশবিদ সোনম ৱাংচুকক আটক কৰিছে দিল্লী আৰক্ষীয়ে। সোনম ৱাংচুকৰ লগতে আন কেইবাজনো লোক যাক মঙলবাৰেআটক কৰা হৈছে।
লাডাখক ষষ্ঠ অনুসূচীৰ মৰ্যাদা প্ৰদানৰ দাবীত ৰাজধানী দিল্লীলৈ যাত্ৰা কৰি থকা সময়ত দিল্লী সীমান্তত আটক কৰিছে। তেওঁলোকে আৰক্ষী থানাসমূহত অনিৰ্দিষ্টকালৰ বাবে অনশন আৰম্ভ কৰিছে।
ৱাংচুকে এমাহ আগতে লেহৰ পৰা ‘দিল্লী চলো পদযাত্ৰা’ নামৰ পদযাত্ৰাৰ নেতৃত্ব দি আছিল। তেওঁ আৰু লাডাখৰ প্ৰায় ১২০ জন লোকক সোমবাৰে (৩০ ছেপ্টেম্বৰ, ২০২৪) নিশা আটক কৰা হৈছিল।