

ডিজিটেল ডেস্কঃ ফাঁচীৰ বাবে আৰক্ষীক অনুৰোধ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ এণ্ড হাস্পতালৰ মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ।
উল্লেখ্য যে, শুকুৰবাৰে আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ত উদ্ধাৰ হৈছিল এগৰাকী প্ৰশিক্ষাৰ্থী মহিলা চিকিৎসকৰ মৃতদেহ। ইয়াৰ্ পিছতে শনিবাৰে আৰক্ষীয়ে এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল সঞ্জয় ৰায় নামৰ এজন চিভিক স্বেচ্ছাসেৱকক। আৰক্ষীয়ে সদৰী কৰা মতে, অভিযুক্তক জেৰাৰ সময়ত তেওঁ তেওঁক ফাঁচী দিবলৈ আৰক্ষীক অনুৰোধ জনায়।
অভিযুক্ত সঞ্জয় ৰায়ে পূৰ্বেও মাতৃ, ভগ্নী আৰু পত্নীৰ সৈতে হিংসাত্মক আচৰণ কৰা বুলি স্বীকাৰ কৰিছে। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, পূৰ্বেও অভিযুক্তৰ শাহুৱেকে পত্নীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত কালিঘাট থানাত এজাহাৰ দাখিল কৰিছিল।
শুকুৰবাৰে পুৱা পশ্চিম বংগ চৰকাৰী চিকিৎসালয়ৰ আলোচনা চক্ৰ কক্ষত উদ্ধাৰ হয় এগৰাকী স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী চিকিৎসকৰ মৃতদেহ। শনিবাৰে ৰায়ক ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰি বিএনএছৰ ৬৪ (ধৰ্ষণ) আৰু ১০৩ (হত্যা) ধাৰাত গোচৰ ৰুজু কৰা হয়। আৰ জি কৰ হাস্পতালৰ আৰক্ষী চকীত নি কৰা ৰয়ৰ সকলো বিভাগতে প্ৰৱেশৰ সুবিধা আছিল।
মহিলা চিকিৎসকগৰাকীক হত্যা কৰা অট্টালিকাটোত প্ৰৱেশ কৰা চিচিটিভি ফুটেজৰ ভিত্তিত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
আৰক্ষীয়ে তেওঁৰ মোবাইল ফোনটো জব্দ কৰি মঙলবাৰে ইয়াৰ পৰা তথ্য আহৰণৰ বাবে সাজু হৈছে। এগৰাকী আৰক্ষী বিষয়াই কয়, “আমি অতি সোনকালে তেওঁৰ ফোনৰ পৰা তথ্য লাভ কৰিম। কেৱল চিকিৎসককেই নহয়, আমি চিকিৎসালয়খনত নিযুক্ত পাঁচজন আৰক্ষীকো জেৰা কৰি তেওঁলোকৰ বিবৃতি সংগ্ৰহ কৰিছো।”
পিটিআইৰ প্ৰতিবেদন অনুসৰি আৰক্ষীয়ে কয় যে অভিযুক্তজন পৰ্ণগ্ৰাফীৰ প্ৰতি আসক্ত আছিল আৰু মহিলাৰ সৈতে সম্পৰ্ক থকা বুলি জনা গৈছিল।
এজন আৰক্ষী বিষয়াই কয়, “তেওঁৰ মোবাইল ফোনত পৰ্ণগ্ৰাফিক কন্টেন্ট যথেষ্ট বিৰক্তিকৰ আৰু হিংসাত্মক আছিল। আমি তেওঁৰ মানসিক অৱস্থাৰ বিষয়ে ভাবো, কিয়নো এনে বস্তু চোৱাটো একেবাৰে অস্বাভাৱিক।”
পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কলকাতা আৰক্ষীক কঠোৰ সকীয়নি প্ৰদান কৰি কয় যে যদিহে ১৮ আগষ্ট দেওবাৰৰ ভিতৰত আৰক্ষীয়ে গোচৰটো সমাধান কৰিব নোৱাৰে তেন্তে তদন্ত চিবিআইক গতাই দিয়া হ’ব।