
আজি মঙলদৈত অসম ছুন্নী মাদ্ৰাছা শিক্ষা ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত কে’বাটাও ইছলামিক সংস্থাৰ বিষয়-ববীয়া উমৈহতীয়া বৈঠকত ২০২৫ বৰ্ষৰ পৱিত্ৰ ফিৎৰাৰ মূল্য নিৰ্ধাৰণ কৰে৷ বৈঠকত সৰ্বসন্মতিক্ৰমে ২০২৫ বৰ্ষৰ ৰমজানৰ ফিৎৰা ২ কিলো ৪৭ গ্ৰাম (আধা চাঁ) আটাৰ নূন্যতম মূল্য ৮৬ টকা নিৰ্ধাৰণ কৰা হয়৷ এই হিচাপে সমূহ অসমবাসী ইছলামধৰ্মীক ফিৎৰা আদায় দিবলৈ সংস্থা কেইটাই আহ্বান জনায়৷ বৈঠকত অসম ছুন্নী মাদ্ৰাছা শিক্ষা ব’ৰ্ড, আহলে ছুন্নত ৱাল জামাআত, অসম, সদৌ অসম উলামা-ই-আহলে ছুন্নত কাউন্সিল, জামাআ’তে-ৰাজা-ই-মুস্তাফা, অসম, ইছলামিক ইডুকেশ্বনেল ব’ৰ্ড অব ইণ্ডিয়া, অসম শাখা, ছুন্নী ষ্টুডেণ্ট ফেডাৰেশ্বন, অসম, ৰাজা ফাউণ্ডেশ্যন, অসম, যুৱ আহলে ছুন্নত, অসম, উলামায়ে আহলে ছুন্নত কাউন্সিল, দৰঙৰ মুফতীয়ানে কিৰাম, উলামায়ে কিৰামৰ বিষয়-ববীয়া উপস্থিত থাকে৷ সংস্থা কেইটাই পৱিত্ৰ ৰমজান মাহ উপলক্ষে সমগ্ৰ অসমবাসী ৰাইজলৈ শুভেচ্ছা জনাইছে আৰু বিশ্বশান্তি কামনা কৰিছে৷