
আজি ৰাজহুৱা কৰ্মী তথা বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে আজি এখন সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰে নিজকে সুৰক্ষিত কৰিবলৈ খিলঞ্জীয়াক বন্দুকৰ অনুজ্ঞাপত্ৰ দিবলৈ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধ কৰে৷ একপ্ৰকাৰ আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠে বয়োজ্যেষ্ঠ বিশিষ্ট বুদ্ধিজীৱীগৰাকী৷ এদিন পূৰ্বে ড০ হিমন্ত হিশ্ব শৰ্মাৰ কেবিনেটে ৰাজ্যৰ স্পৰ্শকাতৰ অঞ্চলত বসবাস কৰা খিলঞ্জীয়াক মাৰণাস্ত্ৰ ৰখাৰ অনুজ্ঞাপত্ৰ অগ্ৰাধিকাৰৰ ভিত্তিত প্ৰদান কৰিব বুলি সিদ্ধান্ত লৈছিল৷ গুৱাহাটী প্ৰেছ ক্লাবত নাগৰিকত্ব সংশোধনী আইন বিৰোধী সমন্বয় সমিতিৰ বেনাৰত বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে এখন সংবাদমেল সম্বোধন কৰি কয় যে জনতাৰ হাতত বন্দুক তুলি দিবলৈ চৰকাৰে লোৱা সিদ্ধান্ত অতিকৈ হঠকাৰী কাৰ্য৷ এই কাৰ্যৰ জৰিয়তে ফেচিষ্ট চৰকাৰখনে ৰাজ্যখন অস্থিৰ কৰিবলৈ বিচাৰিছে৷ লগতে শেহতীয়াকৈ চলি থকা বাংলাদেশী গ্ৰেপ্তাৰ অভিযানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ড০ হীৰেন গোহাঁয়ে কয় যে শেহতীয়াকৈ কিছুদিন ধৰি আৰক্ষীয়ে ৰাজ্যৰ চৌদিশে বিদেশী বিতাড়ণৰ নামত প্ৰকৃত ভাৰতীয় লোকক আটক কৰাটো অতি দুৰ্ভাগ্যজনক কথা৷ ইয়াৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগ আৰু আদালতলৈ যাব লাগে৷ প্ৰয়োজন হ’লে চৰকাৰৰ বিৰুদ্ধে ব্যাপক আন্দোলনৰ গঢ়ি তুলিব লাগে দল-সংগঠনে৷ প্ৰদেশ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈলৈ অভিনন্দন জনাই সকলো বিৰোধীক একত্ৰিত কৰিবলৈ পৰামৰ্শ আগবঢ়াই৷ আনহাতে নগাঁৱৰ কামপুৰত সাংবাদিক নিগৃহিত সন্দৰ্ভত কঠোৰ ভাষাৰে সমালোচনা কৰে আৰক্ষী প্ৰশাসনক এনে কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে৷