বহিঃৰাজ্যৰ আৰএছএছ নেতাই অসমৰ পৰিবেশ বেয়া কৰিছে: মঙলদৈত গৌৰৱ

দুদিনীয়া ভ্ৰমণসূচীৰ অংশ হিচাপে মঙলদৈত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ নৱ-নিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আজি কংগ্ৰেছ দলৰ এক বিশেষ সভাত অংশগ্ৰহণ কৰে। সভাত উপস্থিত নেতা-কৰ্মীসকলক উদ্দেশি কৰি তেওঁ বিজেপি, আৰএছএছ আৰু ৰাজ্য চৰকাৰৰ ওপৰত একৰাৰপৰা এক বিস্ফোৰক মন্তব্য কৰে।

সভাখনত গৌৰৱ গগৈয়ে কংগ্ৰেছৰ চিহ্নত বিগত পঞ্চায়ত নিৰ্বাচনত জয়লাভ কৰা প্ৰাৰ্থীসকলক সম্বৰ্ধনা জনোৱাৰ উপৰিও, বিজেপিৰ “দুৰ্নীতি”ৰ বিৰূদ্ধে দলীয় কৰ্মীসকলক ৰাইজৰ মাজলৈ নামিবলৈ আহ্বান জনায়।

“বহিঃৰাজ্যৰ আৰএছএছ নেতাই অসমৰ পৰিৱেশ দুষিত কৰি তুলিছে,” বুলি মন্তব্য কৰি গগৈয়ে কয়, “এইসকল নেতাই অসমলৈ আহি সাম্প্ৰদায়িকতা উস্কাই অসমৰ শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ আঁকিছে। আমি এইটো কেতিয়াও হ’ব নিদিও।” তেওঁ অসম আৰক্ষীক আহ্বান জনায় যাতে বহিঃৰাজ্যৰ পৰা অহা আৰএছএছ নেতা-কৰ্মীৰ নাম পঞ্জীয়ন কৰা হয়।

মঙলদৈৰ বিধায়ক বসন্ত দাসৰ বিজেপি লৈ সোঁৱৰ সম্ভাৱনাক লৈ সোধা প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে তীব্ৰ কটাক্ষ কৰে: “কংগ্ৰেছ দলত থাকি দেহত বিজেপি ভাইৰাছ থকা নেতাসকলক ভাল ট্ৰিটমেণ্ট দিব লাগিব, কিন্তু যিসকলৰ ভাইৰাছ বেছি তেখেতলোকক অপাৰেচন কৰিব লাগিব।”

ধুবুৰী জিলা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্যক সমৰ্থন জনোৱাৰ বাবে প্ৰদ্যুৎ বৰদলৈকো গগৈয়ে লক্ষ্য কৰে। তেওঁ কয় যে গৃহ বিভাগ বৰ্তমান ব্যৰ্থ, আৰু চৰকাৰেই এই অস্থিৰতাৰ মূল আঁতৰাংগ। “চোৰাংচোৱাই তথ্য দিব নোৱাৰে, কংগ্ৰেছৰ কথামাত্র জানিব বিচাৰিছে চৰকাৰে,” বুলি কটাক্ষ কৰে গগৈয়ে।

তেওঁ চৰকাৰৰ কেন্দ্ৰীকৰণৰ ওপৰতো মন্তব্য কৰে — “আজিৰ দিনত সকলো ধন-সম্পত্তি, শক্তি মাত্ৰ মুখ্যমন্ত্ৰী আৰু দুই-তিনিজন ব্যক্তিৰ হাতত কেন্দ্ৰীভূত হৈ পৰিছে। সাধাৰণ ৰাইজৰ হাতত একো নাই।” তেওঁ হুঁচিয়াৰেৰে কয় — “২০২৬ চনত এখন ডাঙৰ যুদ্ধ হব।”

এনে মন্তব্যৰ মাজতে, এনআৰচি সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যক “অ-সাংবিধানিক” বুলি আখ্যা দিয়ে কংগ্ৰেছ সভাপতি গগৈয়ে।

সভাত জিলা সভাপতি মাধৱ ৰাজবংশী, কংগ্ৰেছ নেতা কন্দৰ্প কলিতা, ৰিজুমণি তালুকদাৰ, দুলাল হীৰা, ইলিয়াছ আলীসহ বহু কংগ্ৰেছ নেতা-কৰ্মী উপস্থিত থাকে।

উল্লেখযোগ্য যে, শনিবাৰে গধূলিতে মঙলদৈ উপস্থিত হৈ গৌৰৱ গগৈয়ে আবৰ্ত ভৱনত বিভিন্ন দল-সংগঠনৰ সৈতে বেছ কিছু গুৰুত্বপূর্ণ আলোচনা কৰে।

  • Related Posts

    শিলসাঁকোৰ উচ্ছেদিতৰ আৱেগিক প্ৰতিবাদঃ “আমি মানুহ নহয় নে? অসমীয়াই নহয় নে?”

    মহানগৰীৰ শিলসাঁকো উচ্ছেদিত পৰিয়ালসকলে আজি আকৌ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অধীনত উচ্ছেদ হৈ তিনিবছৰ ধৰি আশ্ৰয়হীন জীৱন কটাই থকা এই পৰিয়ালসকলে পুনৰ সংস্থাপন আৰু উপযুক্ত…

    অসমীয়া ভাষাৰ বিৰুদ্ধে মন্তব্য — মইনুদ্দিনক গ্ৰেপ্তাৰৰ দাবী, ৰাজ্যজুৰি প্ৰতিক্ৰিয়া

    অসমীয়া ভাষা আৰু জাতিসত্তাক লক্ষ্য কৰি প্ৰদান কৰা **ABMSU (অল বিটিচি মাইনৰিটি ছাত্ৰ ইউনিয়ন)**ৰ এগৰাকী নেতাৰ বিতৰ্কিত মন্তব্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। মইনুদ্দিন আলী নামৰ উক্ত নেতাগৰাকীয়ে ধুবুৰীৰ চাপৰৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে