
ডিব্ৰুগড় জিলাৰ বামুণবাৰী অঞ্চলত বহিৰাগতই সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) জিলা সাংগঠনিক সম্পাদক তন্ময় বৰগোঁহাইক নিৰ্মমভাবে আক্ৰমণ কৰাৰ পিছত অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। গতকাল সন্ধিয়া ১ নং কেকুৰী বঙালীগাঁৱৰ আদি দেৱৰ নেতৃত্বত ২০-২৫ জনীয়া দল এটাই তন্ময়ক ঘৰৰ পৰা চোঁচৰাই আনি মাটিত বগৰাই বগৰাই লাঠি আৰু মুঠিৰে প্ৰহাৰ কৰে। আক্ৰমণকারীসকলে তেওঁৰ পৰিয়ালক হত্যা আৰু ঘৰ জ্বলাই দিয়াৰ ভাবুকিও দিয়ে।
ঘটনাটোৰ প্ৰতি ৰাইজৰ তীব্ৰ ক্ষোভিত হয়। ৰাতিৰ ভিতৰতে শতাধিক লোক ৰাজপথলৈ ওলাই আহি ন্যায়ৰ দাবীত বিক্ষোভ কৰে। আজি পুৱা বামুণবাৰীত দোকান-পোহাৰ বন্ধ কৰি স্থানীয় লোকেও বিক্ষোভত যোগ দিয়ে। আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বুলবুল দত্তে ঘটনাক “অসমীয়াৰ অস্তিত্বৰ ওপৰত আক্ৰমণ” বুলি নিন্দা জনাই কয়, “বহিৰাগতৰ দাদাগিৰি আছুৱে কেতিয়াও সহ্য নকৰে। এইবাৰৰ দৰে ঘটনাৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ চৰকাৰে কঠোৰ ব্যৱস্থা ল’ব লাগিব।”
বামুণবাৰী আৰক্ষীয়ে অভিযুক্ত আদি দেৱসহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে। কিন্তু বাকীসকল এতিয়াও পলাতক। ঘটনাৰ পিছত আৰক্ষীয়ে অঞ্চলটোত কঠোৰ হয়। আক্ৰমণৰ পিছত আদি দেৱৰ পৰিয়ালে শ্বহীদ বেদীত পানী ঢালি ক্ষমা খোজে। যদিও স্থানীয় সংগঠনসমূহে দোষীসকলক দ্ৰুত বিচাৰৰ দাবী অব্যাহত ৰাখিছে।