বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰৰ ওপৰত আক্ৰমণ উদ্বেগজনকঃ চিপিআইএম

শাৰদীয় দুৰ্গা পূজাৰ সময়ত বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ অধিকাৰৰ ওপৰত আক্ৰমণ হৈ অহাত উদ্বেগ প্ৰকাশ কৰিছে চিপিআইএমে৷ চিপিআইএমৰ অসম ৰাজ্যিকে আজি প্ৰকাশ কৰা বিবৃতিত কয় যে
শ্বেখ হাচিনা চৰকাৰৰ স্বৈৰতান্ত্ৰিক কৰ্মকাণ্ডৰ বিৰুদ্ধে আৰু মুক্তিযুঁজাৰুৰ সতি-সন্ততিৰ বাবে অত্যধিক আসন সংৰক্ষণৰ প্ৰতিবাদত বাংলাদেশত যি ব্যাপক প্ৰতিবাদী ছাত্ৰ আন্দোলনৰ সূত্ৰপাত হৈছিল তাক কেন্দ্ৰ কৰি গণ বিদ্ৰোহ সংগঠিত হয়। পৰিণতিত হাচিনা চৰকাৰৰ পতন হয় আৰু মহম্মদ ইউনুছৰ নেতৃত্বত এখন অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠন কৰা হয়। এইখন চৰকাৰে কম সময়ৰ ভিতৰত এখন নিৰ্বাচিত চৰকাৰ প্ৰতিষ্ঠাৰ কাৰণে কাম কৰি যাব বুলি ঘোষণা কৰিছে। কিন্তু দেশখনত উদ্ভূত উত্তেজনা আৰু অৰাজকতাৰ সুযোগ লৈ ইছলামিক মৌলবাদী শক্তিবোৰ সক্ৰিয় হৈ পৰিছে। এনে কেতবোৰ সংগঠনৰ আন্তৰ্জাতিক যোগাযোগ আছে। মৌলবাদী শক্তিবোৰে দেশখনৰ ধৰ্মীয় সংখ্যালঘু হিন্দু, বৌদ্ধ, খ্ৰীষ্টানসকলৰ বিৰুদ্ধে প্ৰচাৰ আৰু আক্ৰমণ সংঘটিত কৰিছে। মৌলবাদী শক্তি কিছুমানে আগন্তুক দুৰ্গাপূজা পালন কৰিবলৈ দিয়া নহ’ব বুলি দিয়া হুমকি অত্যন্ত উদ্বেগজনক। চিপিআইএমৰ অসম ৰাজ্যিকে বাংলাদেশৰ মৌলবাদী শক্তিবোৰৰ ধৰ্মীয় সংখ্যালঘু বিৰোধী কৰ্মকাণ্ডৰ তীব্ৰ নিন্দা কৰে। দেশখনৰ হিন্দুসকলে যাতে নিৰ্বিঘ্নে শাৰদীয় দুৰ্গোৎসৱ পালন কৰিব পাৰে সেয়া বাংলাদেশৰ চৰকাৰে নিশ্চিত কৰা প্ৰয়োজন বুলি কয়। দলে ভাৰত চৰকাৰক কূটনৈতিক উদ্যোগ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যাতে বাংলাদেশত ধৰ্মীয় আৰু জনগোষ্ঠীয় সংখ্যালঘু সকলৰ নিৰাপত্তা আৰু মৌলিক অধিকাৰসমূহ সুনিশ্চিত কৰিব পৰা যায়।

 

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক