
বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ড° মহম্মদ ইউনুছে চীন ভ্ৰমণৰ সময়ত ভাৰতৰ উত্তৰ-পূবৰ সাতখন ৰাজ্যক “স্থলবেষ্টিত” (Landlocked) বুলি উল্লেখ কৰি চীনক অৰ্থনৈতিক সম্প্ৰসাৰণৰ সুযোগ দিয়াৰ মন্তব্যত ভাৰতত বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁৰ এই বক্তব্যক ভাৰতীয় ৰাজনীতিবিদসকলে “ভাৰতবিৰোধী” আৰু “নিৰাপত্তাৰ বাবে বিপদজনক” বুলি গৰিহণা দিছে।
ইউনুছৰ বিতৰ্কিত মন্তব্য
চীনৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰি অহা বাংলাদেশৰ প্ৰতিনিধি ইউনুছে চীন ভ্ৰমণৰ সময়ৰ এটা ভিডিঅ’ত কয়, “ভাৰতৰ উত্তৰ-পূবৰ সাত ৰাজ্য (ছেভেন চিষ্টাৰ) স্থলবেষ্টিত। বাংলাদেশৰ হাতত সাগৰীয় প্ৰৱেশাধিকাৰ থকাৰ বাবে চীনৰ বাবে এই অঞ্চলত বজাৰ সম্প্ৰসাৰণৰ সুযোগ আছে।” তেওঁ ইয়াক চীনৰ বাবে “আক্ৰমণৰ সুযোগ” বুলিও অভিহিত কৰে।
ভাৰতত তীব্ৰ প্ৰতিবাদ
কংগ্ৰেছ দলৰ মিডিয়া সম্পাদক পৱন খেৰাই কয়, “বাংলাদেশে চীনক ভাৰতক ঘেৰাও কৰিবলৈ আমন্ত্ৰণ জনাইছে। উত্তৰ-পূবৰ নিৰাপত্তা বিপদত পৰিল। চৰকাৰে মণিপুৰৰ পৰিস্থিতি উপেক্ষা কৰাৰ লগে লগে চীনে অৰুণাচলত বসতি স্থাপন কৰিছে। আমাৰ বৈদেশিক নীতি সম্পূৰ্ণৰূপে বিফল।”
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াত লিখে, “ইউনুছৰ মন্তব্য আক্ৰমণাত্মক আৰু নিন্দনীয়। ভাৰতৰ শিলিগুৰি কৰিডৰৰ (Chicken’s Neck) দুৰ্বলতাৰ সুযোগ ল’ব বিচৰা হৈছে। আমি এই অঞ্চলৰ ৰেল আৰু পথ নেটৱৰ্ক শক্তিশালী কৰিব লাগে।”
অসম জাতীয় পৰিষদৰ কঠোৰ সমালোচনা
বিৰোধী দল অসম জাতীয় পৰিষদে (AJP) গুৱাহাটীত সংবাদমেল সম্বোধন কৰি কয়, “১৯৭১ত ভাৰতৰ সহায়ত স্বাধীন হোৱা বাংলাদেশে আজি ভাৰতবিৰোধী মন্তব্য কৰাটো ধৃষ্টতা। ইউনুছে চীনৰ কোচত বহি ভাৰতক অৱমাননা কৰিছে। ১৪০ কোটি ভাৰতীয়ৰ কোপত বাংলাদেশ ধ্বংস হ’ব পাৰে।” দলৰ নেতা জগদীশ ভূঞাই কয়, “বাংলাদেশৰ গণতন্ত্ৰই শ্বেখ হাছিনাক দেশান্তৰ কৰিলে। এনে অস্থিৰ চৰকাৰে ভাৰতক চিনি ৰাখক।”