

বাংলাদেশত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি কৰিমগঞ্জ জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰে উপ-মহাপৰিদৰ্শক (ডি আই জি) কংকন জ্যোতি শইকীয়াই। তেওঁৰ এই ভ্ৰমণৰ অন্তৰ্গত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠক আৰু কালিবাৰী পথৰ কুছিয়াৰা নদীৰ কাষৰ অভিবাসন চেক পোষ্ট পৰিদৰ্শন কৰা হয়।
ভাৰত-বাংলাদেশ সীমান্ত জিলাখনৰ প্ৰায় ১০০ কিলোমিটাৰ বিস্তৃত, বৰ্তমান প্ৰায় ৩.৫ কিলোমিটাৰ অসুৰক্ষিত হৈ আছে। কালিবাৰী পথৰ মুকলি ষ্ট্ৰেচ ভ্ৰমণৰ সময়ত ডি আই জি শইকীয়াই চলি থকা নিৰাপত্তাজনিত উদ্বেগক সম্বোধন কৰি সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ সৈতে সতৰ্কতা বৃদ্ধিৰ বাবে আলোচনা কৰা হৈছে বুলি উল্লেখ কৰে।
ডি আই জি শইকীয়াই কয় যে বি এছ এফে সক্ৰিয়ভাৱে পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু উচ্চ সতৰ্ক অৱস্থা বজাই ৰাখিছে। তেওঁ কয়, ‘বাংলাদেশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বৰাক উপত্যকা ৰেঞ্জ আমাৰ তদাৰকত আছে। আমি আমাৰ বি এছ এফৰ জোৱানসকলক সজাগ আৰু সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছো।’