গুৱাহাটীঃ ‘বানপানীৰ বাবে শাক-পাচলিৰ দাম বৃদ্ধি পাইছিল। এতিয়া বানপানী গ’ল, দাম কমিব।’ -এনে মন্তব্য কৰিয়েই মূল্যবৃদ্ধি প্ৰসংগত নিজৰ দায় সামৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
বজাৰত পুনৰ জুই লাগিছে। পুনৰ বৃদ্ধি পাইছে কেইবাবিধো অত্যাৱশ্যকীয় সামগ্ৰী দাম। চাউল, দাইল, আটা, মিঠাতেল আৰু ৰিফাইন তেলৰ মূল্যত বৃদ্ধি পাইছে ৫-১০ শতাংশ পৰ্যন্ত।
ইফালে বজাৰত কেঁচা শাক-পাচলিৰ মূল্যইও জ্বলাকলা খুৱাইছে জনতাক। শাক-পাচলিৰ আকাশলংঘী মূল্যৰ বাবে বিপাঙত পৰিছে সাধাৰণ গ্ৰাহক।
বজাৰত শাক-পাচলিৰ অভাৱনীয় মূল্যক লৈয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়সৰা মন্তব্য কৰা দেখা যায়। তেওঁ কয় যে বানপানীৰ বাবে শাক-পাচলিৰ দাম বাঢ়েই।
মুখ্যমন্ত্ৰীয়ে কয়, ”বানপানীৰ সময়ত সকলো খেতি পথাৰতে পানী হয়। আমাৰ ইয়াত শাক-পাচলি মজুতৰ বাবে শীতল সংৰক্ষণো নাই, সেয়ে বানপানীৰ সময়ত শাক-পাচলিৰ দাম বাঢ়েই। এইটো এটা ট্ৰেণ্ড হয়। এতিয়া বানপানী গ’ল, লাহে লাহে দামো কমিব। এই মাহৰ পৰা শাক-পাচলিৰ দাম কমিবলৈ আৰম্ভ কৰিব।’’
উল্লেখ্য যে, মূল্যবৃদ্ধি প্ৰসংগত দায়সৰা মন্তব্য কৰাটো অসমৰ বিজেপি চৰকাৰৰ নেতা-মন্ত্ৰীৰ বাবে নতুন নহয়। বিদ্যুৎ মাচুল বৃদ্ধি প্ৰসংগত পূৰ্বে গছৰ তলত জিৰাবলৈ পৰামৰ্শ দিছিল বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। সেইদৰে আলুৰ দাম বৃদ্ধিৰ বাবে পিঁয়াজ ভাজি খাবলৈও পৰামৰ্শ দিছিল আন এগৰাকী বিজেপি নেতাই।