বানৰ মাজতে দুৰ্ঘটনাগ্ৰস্ত কণ্ঠশিল্পী মৌচুমী চহৰীয়াৰ বাহন

গুৱাহাটীৰ বান পৰিস্থিতিৰ মাজতে দুৰ্ঘটনাগ্ৰস্ত হয় কণ্ঠশিল্পী মৌচুমী চহৰীয়াৰ বাহন। বানৰ মাজতে গাড়ীৰ তলত পাইপ সোমাই বিকল হৈ পৰে কণ্ঠশিল্পীগৰাকীৰ বাহনৰ ইঞ্জিন।

জানিব পৰা মতে, বুধবাৰে মহানগৰীৰ বান পৰিস্থিতিৰ মাজতে জটিয়াত পথৰ দাঁতিত পেলাই থৈ দিয়া এডাল পাই পানীৰ সোঁতত উটি আহি মৌচুমী চহৰীয়াৰ গাড়ীৰ তলত সোমায়, যাৰ ফলত গাড়ীৰ ইঞ্জিন বিকল হৈ পৰে।

ইয়াৰ পিছতে ক্ৰেনৰ সহায়ত উদ্ধাৰ কৰি লৈ যোৱা হয় বাহনখন। অৱশ্যে দুৰ্ঘটনাটোত কোনো ধৰণৰ আঘাত পোৱা নাই কণ্ঠশিল্পীগৰাকীয়ে।

উল্লেখ্য যে, বুধবাৰে এজাক বৰষুণৰ পিছতে পুনৰ প্লাবিত হৈ পৰে গুৱাহাটীৰ বিভিন্ন অঞ্চল। গুৱাহাটীৰ হাতীগাঁও, জুৰিপাৰ(পাঞ্জাবাৰী), ৰুক্মিণীগাঁও আদি অঞ্চলত ক্ষন্তেকীয়া কৃত্ৰিম বানৰ সৃষ্টি হোৱাত পুনৰ স্তব্ধ হৈ পৰে জনজীৱন।

  • Related Posts

    গীতাশ্ৰী তামুলীক লৈ বদৰুদ্দিন আজমলৰ অভব্য মন্তব্য

    অসমৰ ৰাজনৈতিক পৰিসৰত নতুন বিতৰ্ক সূচনা হৈছে। সংখ্যালঘু ৰাজনীতিৰ দল এআইইউডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অখিল গগৈৰ পত্নী, শিক্ষাবিদ আৰু লেখিকা গীতাশ্ৰী তামুলীক লৈ ৰাজহুৱাকৈ “বুঢ়ী” বুলি সম্বোধন কৰাত সমাজ-ৰাজনীতিৰ বিভিন্ন…

    গুৱাহাটীৰ আইআইটিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ৰ উদ্বোধন সৰ্বানন্দ সোণোৱালৰ

    গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক (আইআইটি) আয়োজিত ‘থিংক ইণ্ডিয়া নৰ্থ-ইষ্ট ছামিট ২০২৫’ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেশৰ যুৱশক্তিক ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত অগ্ৰণী ভূমিকা ল’বলৈ আহ্বান জনায়।…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…