
আজি জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়৷ সভাপতি পলাশ চাংমাইৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকখন আঁতধৰে সাধাৰণ সম্পাদক ৰাতুল বৰগোঁহায়ে৷
চানমাৰিস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত অসমৰ কেইবাটাও সমস্যাৰ হকে আলোচনা কৰা হয়৷ বান-খহনীয়া, নিবনুৱা, মূল্য বৃদ্ধি জৰ্জৰিত অসমৰ সমস্যা সমাধানৰ বাবে তথা অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়৷ সভাত পৰিষদৰ কৰ্মৰাজিৰ ওপৰত বহুল ভাৱে আলোচনা কৰাৰ লগতে নৈতিক, শৈক্ষিক, সাংস্কৃতিক, সাহিত্যৰ দিশত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে।