
অসমত বানপীড়িত লোকৰ সহায়ত হাত আগবঢ়োৱা এজন পুৰণি বিজেপি কৰ্মীক প্ৰশাসনে জাৰি কৰা কাৰণ দৰ্শোৱাৰ জাননীয়ে এতিয়া ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। জীৱন চুতীয়া নামৰ এজন সমাজকৰ্মী তথা ২০০৮ৰ পৰা বিজেপি লগ হোৱা কৰ্মীক ডিজাষ্টাৰ মেনেজমেণ্ট এ’ক্টৰ ধাৰা ৩৪ৰ দোহাই দি সহায় বিতৰণ কৰাৰ বাবে জবাবদিহিতাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।
বানপীড়িতক সহায়—অপৰাধ?
৭ জুলাই, ২০২৫ তাৰিখে গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ধনশিৰি নদীৰ ভয়ংকৰ বানত বহু গাঁও প্লাবিত হয়। শিমলু চাপৰি এল পি স্কুলত গঠিত শিবিৰত প্রায় ৬০টা পৰিয়াল আশ্ৰয় লৈছিল। এই সংকটজনক পৰিস্থিতিত জীৱন চুতীয়াই ব্যক্তিগত উদ্যোগতে গাখীৰ, বিস্কুট, পানী, ধূপ, চাবোন, ট্ৰিপাল আদি সহায় সামগ্ৰী বানপীড়িত লোকক বিতৰণ কৰে। সাধাৰণতে এনে সহানুভূতিপূর্ণ কাৰ্যই প্ৰশংসাৰ পাত্ৰ হয়। কিন্তু এইবাৰ ঘটিল উল্টো।
৮ জুলাইত সৰুপথাৰ ৰাজহ চক্ৰ বিষয়াই চুতীয়ালৈ শ্ব’কজ (Show Cause Notice) জাৰি কৰে, য’ত উল্লেখ কৰা হয় যে তেওঁ সহায় সামগ্ৰী বিতৰণ কৰাৰ পূৰ্বে প্ৰশাসনিক অনুমতি গ্ৰহণ কৰা নাছিল। জাননীত উল্লেখ —
“আপুনি কেম্প মেনেজমেন্টৰ নিয়ম উলংঘন কৰিছে। তিনিদিনৰ ভিতৰত কৈ দিব, কিয় আপোনাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নহ’ব।”
ইয়াৰ উপৰিও, জীৱন চুতীয়াৰ সহায়ৰ প্ৰস্তাৱসমূহ প্ৰশাসনে প্রত্যাখ্যান কৰে। উত্তৰত স্পষ্টকৈ উল্লেখ —
“আপুনি কি দিব, কিমান দিব, ক’ত দিব — সকলো আগত জনাব লাগিব। তাৰ পিছতে অনুমতি বিবেচনা কৰা হ’ব।”
ৰাজনৈতিক ষড়যন্ত্রৰ গন্ধ?
এই ঘটনাক লৈ এতিয়া সৰুপথাৰৰ ৰাজনীতিত তীব্ৰ বিতৰ্ক। বিধায়ক বিশ্বজিৎ ফুকনেৰ নিৰ্দেশত এই কাৰ্য হৈছিল নেকি — এই প্ৰশ্ন এতিয়া ৰাইজৰ মুখে মুখে। সামাজিক মাধ্যমত জনসাধাৰণৰ ভিতৰত এই কথা গঢ়ি উঠিছে যে জীৱন চুতীয়া, যি ২০২১ত বিধায়ক হোৱাৰ বাবে প্ৰাৰ্থিত হৈছিল, এতিয়া চৰকাৰৰ কাষত “অবাঞ্ছিত” হৈ পৰিছে।
চুতীয়াৰ সহায়ৰ ফটো ফেচবুকত আপলোড কৰাৰ পাছতে তেওঁৰপৰা সেইবোৰ পোষ্ট ডিলিট কৰিবলৈ “অনুৰোধ” কৰা ঘটনাও সামনে আহিছে, যি অধিক প্ৰশ্নৰ জন্ম দিছে। সহানুভূতিশীল মানৱতাক যদি লাইচেন্সৰ চক্ৰত বেঁধি থ’ব লাগে, তেন্তে এইটো মানৱতা হত্যাৰ দৰে ঘটনা বুলি মন্তব্য কৰিছে বহু বিশ্লেষকে।
মৃণাল শইকীয়াৰ প্ৰতিবাদ
ঘটনাৰ তীব্ৰ প্ৰতিবাদ প্ৰকাশ কৰিছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই। তেওঁ সামাজিক মাধ্যমত লিখিছে —
“খুমটাই সমষ্টিত বহু ব্যক্তি আৰু সংগঠনে সহায় আগবঢ়াইছে, আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। কিন্তু সৰুপথাৰত সহায় কৰাটোৱে গিল্টি হ’ব লাগে কিয়?”
অন্য এখন পোষ্টত তেওঁ সাবধানবাণী দিয়ে —
“সাৱধান, জনসেৱা কৰিবলৈ মন থাকিলেও বানপীড়িতক সহায় কৰিবলৈ আগবাঢ়ি নাহিব। বিশেষকৈ বিধায়ক হ’ব বুলি আশা কৰি থকা সকল। এনেকুৱা জাননী লাভ কৰিব পাৰে।”
মানৱতাৰ উপৰত ৰাজনীতি?
সেয়ে এতিয়া মূল প্ৰশ্ন —
সহায় কৰাৰ বাবে জাননী জাৰি হ’ব নেকি?
অসহায় ৰাইজক সহায় কৰিলে ৰাজনৈতিক হুমকি সহ্য কৰিব লাগিব নেকি?
বিধায়কে সহায় দিলে জাননী নাই, এজন পুৰণি কৰ্মীয়ে দিলে জাননী কিয়?
এই ঘটনাই অসমত সহানুভূতি, জনসেৱা আৰু ৰাজনীতিৰ মাজৰ বিভাজন স্পষ্ট কৰি তুলিছে। জনসাধাৰণে এতিয়া এটা গম্ভীৰ প্রশ্ন কৰিছে —
“অসমত আজি সহায় কৰিবলৈও অনুমতি ল’ব লাগিব নেকি?“
এয়া যদি নতুন ৰাজনৈতিক সংস্কৃতিৰ সূচনা হয়, তেন্তে ইয়াক “জনসেৱাৰ লাইচেন্স প্ৰথা” বুলি অভিহিত কৰাটো অনুচিত নহ’ব।