বাৰে বাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা শৃংখল চলিহাক দেহৰক্ষী বিজেপি চৰকাৰৰ

ৰাজ্য চৰকাৰে বীৰ লাচিত সেনাৰ বিতৰ্কিত নেতা শৃংখল চলিহাক দুজনকৈ অস্ত্ৰধাৰী দেহৰক্ষী প্ৰদান কৰিছিল৷ কিন্তু দেহৰক্ষী ল’বলৈ মান্তি নহ’ল শৃংখল চলিহা৷ এই কথা খোদ এটা ফেচবুক পোষ্টত উল্লেখ কৰিছে চলিহাই৷ ফেচবুকত দিয়া এটা পোষ্টত চলিহাই কয় যে মোক অসম আৰক্ষীৰ দেহৰক্ষীৰ প্ৰয়োজন নাই। দুয়োজনক মই স-সন্মানেৰে ঘৰলৈ যাবলৈ দিছো। বীৰ লাচিত সেনাৰ সৈন্যৰ সাহস আৰু ত্যাগে মোৰ নিৰাপত্তা। ধন্যবাদ৷ জয় আই অসম৷ শেহতীয়াকৈ উজনি অসমৰ পৰা মিঞা হাটাও অভিযানত নেতৃত্ব দিছিল শৃংখল চলিহাই৷ সন্দেহজনক বিদেশীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য প্ৰদান কৰি আহিছে৷ সমানে চলিহাই চৰকাৰৰ নিৰ্দেশত মন্তব্য তথা কাম কৰি থকা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ যাৰ ফলত ৰাজ্য চৰকাৰে চলিহাৰ জীৱনৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ দুই দেহৰক্ষী প্ৰদান কৰিছিল৷ ২৬ ছেপ্টেম্বৰত চলিহাৰ ঘৰত উপস্থিত হয় দুই দেহৰক্ষী৷ চলিহাই পিছমুহূৰ্ততে সসন্মানে দেহৰক্ষীক বিদায় দি কয় যে মোক নিৰাপত্তাৰক্ষী প্ৰয়োজন নাই৷ বীৰ লাচিত সেনাৰ সৈনিকেই তেওঁৰ সাহস৷ জানিব পৰা মতে, আজি আকৌ দুজন দেহৰক্ষী দিছে চলিহাক৷ অসম চৰকাৰে কিহৰ সন্দেহত দেহৰক্ষা প্ৰদান কৰিছে এতিয়ালৈকে সেই কথা উল্লেখ কৰা নাই। ‘কা’ আন্দোলনৰ সময়ত কাৰাগাৰত ৰখা চলিহাক বিজেপি চৰকাৰখন হঠাতে শৃংখল চলিহাৰ জীৱনৰ নিৰাপত্তাক লৈ ইমান সচেতন হোৱা বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

  • Related Posts

    গোমাংসক লৈ সুৰ সলনি, হাচিলা বিলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰা আৰু ধুবুৰী জিলাৰ দৌৰা কৰি উচ্ছেদ অভিযানৰ পৰিস্থিতি পৰ্যালোচনা কৰে। পুৱা গোৱালপাৰাৰ হাচিলা বিলত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ড্ৰোনৰ সহায়ত এলেকা পৰিদৰ্শন কৰে আৰু…

    চাহ জনগোষ্ঠী-আদিবাসীক বছৰৰ পিছত বছৰ ধৰি বিজেপিয়ে প্ৰতাৰণা কৰাৰ অভিযোগ ৰ’জনীলা তিৰ্কীৰ

    ৰাজ্যৰ চাহ জনগোষ্ঠী আৰু আদিবাসী লোকসকলক বিজেপি দল আৰু চৰকাৰে চৰম প্ৰতাৰণা কৰা বুলি আজি তথ্যসমৃদ্ধ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰ’জলীনা তিৰ্কীয়ে। গুৱাহাটীৰ ৰাজীৱ ভৱনত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ