বিগত ১০ বছৰত উত্তৰ-পূৱৰ উন্নয়ন, কংগ্ৰেছে উন্নয়ন নকৰাৰ বাবে ক্ষমা খোজকঃ সোণোৱাল

আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিছে৷ দিল্লী ভ্ৰমণৰত হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীস্থিত সোণোৱালৰ চৰকাৰী বাসভৱনত সৌহাৰ্দপূৰ্ণ সাক্ষাতত মিলিত হয়। অহা বছৰৰ আৰম্ভণিতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ‘এডভাণ্টেজ আছাম ২.০’ অনুষ্ঠানলৈ সোণোৱালক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্ৰীয়ে সাক্ষাতৰ পিছতে সৰ্বানন্দ সোণোৱালে এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰিছে সোণোৱালে৷ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত বিগত এটা দশকৰ ভিতৰতে ভাৰতৰ উত্তৰ-পূব অঞ্চললৈ শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ পৰিৱেশ ঘূৰি আহিছে বুলি দাবী কৰে৷ ছয় দশকৰো অধিক সময় ধৰি কংগ্ৰেছৰ অপশাসনৰ ফলত উত্তৰ-পূব ভাৰতত অনুপ্ৰৱেশ আৰু বিদ্ৰোহীৰ সমস্যাই গা কৰি উঠাত সমগ্ৰ অঞ্চলটো সম্পূৰ্ণৰূপে দুৰ্বল হৈ পৰিছিল বুলিও কংগ্ৰেছক সমালোচনা কৰে সোণোৱালে৷ উত্তৰ-পূবৰ বিকাশক লৈ অনুষ্ঠিত কৰা সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে আত্মনিৰ্ভৰ ভাৰতৰ অধীনত বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলত বিকাশৰ হাৰ অভূতপূৰ্ব। কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনকালত উন্নয়ন হোৱা নাছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু মোদীৰ আন্তৰিকতাপূৰ্ণ সদিচ্ছাৰ বাবে উত্তৰ-পূৱৰ মানচিত্ৰ সলনি হৈছে৷ উত্তৰ-পূৱৰ ৮ খন ৰাজ্যৰ আন্তগাঁথনিৰ উন্নয়ন হৈছে বুলি দাবী কৰি সোণোৱালে কয় যে উত্তৰ-পূৱত কংগ্ৰেছৰ দিনত ৰেল লাইনৰ বৈদ্যুতিকৰণ হোৱা নাছিল। আজি পথ, ৰেল যোগাযোগ, ক্ৰীড়া বিশ্ববিদ্যালয়, কাৰিকৰী প্ৰতিষ্ঠান, এইমছৰ নিৰ্মাণ হৈছে৷ কংগ্ৰেছ এনে কাম বোৰ নকৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত। অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱাৰ কথা উল্লেক কৰি সোণোৱালে আৰু কয় যে মনমোহন সিং প্ৰধানমন্ত্ৰী হোৱা স্বত্বেও কোনো উন্নয়ন হোৱা নাছিল। আজি উত্তৰ-পূৰ্বাঞ্চলত পৰ্যটকৰ সংখ্যা বৃদ্ধি হৈছে। শান্তি প্ৰতিষ্ঠা হৈছে। উত্তৰ-পূৱৰ এগৰাকী বাসিন্দা হিচাপে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো৷

  • Related Posts

    কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন-কৰ্মচাৰী ফেডাৰেচনসমূহে আহ্বান দিয়া ৯ জুলাইৰ দেশজোৰা ধৰ্মঘটক সমৰ্থন

    আজি অসমৰ মটৰ শ্ৰমিক সংগঠনসমূহৰ যৌথ মঞ্চৰ উদ্যোগত বেলতলাস্থিত অমল প্ৰভা ভৱনত মটৰ শ্ৰমিকৰ ৰাজ্যিক অভিৱৰ্তন অনুষ্ঠিত হয়। অসম চৰকাৰে গ্ৰহণ কৰা অসম মটৰ পৰিবহণ শ্ৰমিক সামাজিক সুৰক্ষা আঁচনিখন অতিশীঘ্ৰে…

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে