
আজি ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিশেষ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত ৰাজ্যসভা আৰু বিটিচি নিৰ্বাচনক লৈ আলোচনা কৰা হয়৷ আলোচনাৰ অন্তত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাত দুখন আসনৰ ভিতৰত এখন আসন অসম গণ পৰিষদক এৰি দিব বুলি উল্লেখ কৰে। আনখন আসনৰ বাবে ১৩ গৰাকীয়ে আবেদন কৰিছে। প্ৰাক্তন সাংসদ কুইন ওজা, প্ৰাক্তন লোকসভাৰ সাংসদ ডা০ ৰাজদীপ ৰয়, ৰাজ্যসভাৰ সাংসদ মিছন ৰঞ্জন দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, ড০ সুনিতা চাংকাকটি, ড০ প্ৰদীপ ঠাকুৰীয়া, ড০ সঞ্জীৱ গোস্বামী, ড০ দয়ানন্দ বৰগোহাঁই, ড০ বিজয় কুমাৰ গুপ্তা, মৃদুলা বৰকাকটী, ভাস্কৰ দাহাল, কানাদ পূৰ্ণকায়স্থ, বিশ্বৰূপ ভট্টাচাৰ্য্যই বিজেপিৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থীত্ব দাবী কৰিছে৷ ১৩ জনীয়া তালিকা ৰাষ্ট্ৰীয় নেতৃত্বলৈ প্ৰেৰণ কৰিছে ৰাজ্যিক নেতৃত্বই৷ আনহাতে আজি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা মতে, বিটিচি নিৰ্বাচনত বিজেপি দলে ৩০ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে৷