
নিখিল ভাৰত কংগ্ৰেছৰ আহ্বান মৰ্মে আৰু অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত গোলাঘাট জিলা কংগ্ৰেছ আৰু বোকাখাত টাউন ব্লক কংগ্ৰেছৰ উদ্যোগত বোকাখাতত ‘জয় বাপু, জয় ভীম, জয় সংবিধান’ শীৰ্ষক কাৰ্যসূচী ৰূপায়ন কৰে৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্মজয়ন্তী উপলক্ষে অনুষ্ঠিত এই কাৰ্যসূচীত গোলাঘাট জিলাৰ কংগ্ৰেছৰ কেইবা শতাধিক নেতা-কৰ্মী উপস্থিত থাকে৷ নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিচ্ছৱিত মাল্যৰ্পণ কৰি কংগ্ৰেছৰ নেতা-কৰ্মী আৰু স্থানীয় লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ কাৰ্যসূচীত লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ উপস্থিত থাকে৷ গৌৰৱ গগৈয়ে সদনত ভিতৰত বাবাচাহেব আম্বেদকাৰৰ নাম লোৱাটো ফেশ্বনত পৰিণত হোৱা বুলি গৃহমন্ত্ৰী অমিত শ্বাহে উল্লেখ কৰা মন্তব্য নিজ মোবাইলৰ পৰা উপস্থিত ৰাইজক শুনাই৷ সেই মন্তব্যত অমিত শ্বাহে কৈছিল ‘আম্বেদকাৰৰ নাম লোৱাটা এতিয়া এক ‘ফেশ্বন’ হৈ পৰিছে৷ আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ, আম্বেদকাৰ…৷ ইমানবাৰ ভগৱানৰ নাম ল’লে সাত জনমলৈ স্বৰ্গ লাভ কৰিলেহেঁতেন৷’ এই মন্তব্যৰ আঁত ধৰিয়েই গৌৰৱ গগৈয়ে ভাষণ আৰম্ভ কৰি বিজেপি দলক তীব্ৰ সমালোচনা কৰে৷ বিজেপিয়ে ভাবে আম্বেদকাৰৰ নাম লোৱাটো এটা ফেশ্বন৷ এনে অপমানজনক মন্তব্য কোনো ৰাজহুৱা সভাত দিয়া নাই৷ নিজ ঘৰত কোৱা নাই৷ সদনত এই কথা কৈছে৷ এয়াই হৈছে তেওঁলোকৰ বাস্তৱ চিন্তা, বাস্তৱ পৰম্পৰা৷ এয়াই হৈছে তেওঁলোকৰ সংস্কৃতি৷ গগৈয়ে বিগত লোকসভা নিৰ্বাচনৰ প্ৰসংগ উল্লেখ কৰি কয় যে যোৱা লোকসভা নিৰ্বাচনত তেওঁলোকে কৈছিল আমি যদি ৪০০ খন আসন পাও, তেন্তে আমি সংবিধান সলনি কৰিম৷ তেওঁলোকে পঞ্চায়তৰ অধিকাৰ, সংৰক্ষণৰ অধিকাৰ সকলোৱেই সলনি কৰিব বিচাৰিছে৷ সংবিধানে অনুসূচিত জাতি-জনজাতি, হিন্দু-মুছলমান, জৈন, শিখ, খ্ৰীষ্টান সকলোকে সমান অধিকাৰ দিছে৷ এই মূল্য সলনি কৰিব বিচাৰিছে৷ তেওঁলোকে আজি সকলোকে সমান চকুৰে নাচায়, সকলোকে সমান অধিকাৰ নিদিয়ে, সমান সন্মান নিদিয়ে৷ বিজেপিৰ উদ্দেশ্যে হৈছে মহাত্মা গান্ধীক অপমান কৰা৷ বিজেপিৰ উদ্দেশ্যে হৈছে বাবাচাহেবক অপমান কৰা৷ তেওঁলোকৰ উদ্দেশ্যে হৈছে সংবিধান সলনি কৰা৷ কিন্তু এটা কথা যেতিয়ালৈকে কংগ্ৰেছ দল আছে তেতিয়ালৈকে বিজেপিৰ সপোন বাস্তৱ হ’ব নিদিও৷