
১১ ছেপ্টেম্বৰত বিজেপি নেতা তালৱিন্দৰ সিং মাৰৱাহে ৰাহুল গান্ধীক ভাবুকি দিয়ে। তালৱিন্দৰ সিং মাৰৱাহে কয় ‘‘ৰাহুল গান্ধী চিধা হ, নহ’লে অনাগত দিনত তোমাৰো এনেকুৱা অৱস্থা কৰা হ’ব যি অৱস্থা তোমাৰ আইতাৰ কৰা হৈছিল৷’’ ৰাজ্যসভাৰ সাংসদ অনিল বণ্ডে ৰাহুল গান্ধীৰ ‘জিভা ‘জ্বলাই’ দিয়াৰ আহ্বান জনাইছিল। যিটো পৰিয়ালৰ দুগৰাকীকৈ সদস্য আততায়ীৰ গুলীত শ্বহীত হৈছিল সেইটো পৰিয়ালৰ ৰাজনীতিত সক্ৰিয় এগৰাকী সদস্যক প্ৰাণ লোৱাৰ ভাবুকি দিয়া কাৰ্যক সহজে ন’লৈ কংগ্ৰেছে কঠোৰ স্থিতি গ্ৰহণ কৰে৷ কংগ্ৰেছ দলে দেশৰ বহু আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ দৰেই আজি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত এজাহাৰ দাখিল কৰিছে৷ আজি লখিমপুৰ সদৰ আৰক্ষী থানাত দ’লে-বলে উপস্থিত হৈ এজাহাৰ দাখিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ ৰাহুল গান্ধীক বিৰুদ্ধে বিজেপি নেতাই প্ৰদান কৰা ভাবুকিক কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে আজি লখিমপুৰত এজাহাৰ দাখিল কৰা বুলি প্ৰকাশ কৰে ভূপেন বৰাই৷ উল্লেখ্য যে, কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ আইতাক ইন্দিৰা গান্ধীৰ আৰু পিতৃ ৰাজীৱ গান্ধী আততায়ীৰ আক্ৰমণত শ্বহীদ হৈছিল৷