
বিটিআৰত পুনৰ আৰম্ভ হৈছে অস্ত্ৰৰ ঝনঝননি৷ বিটিআৰৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পাছতে পুনৰ অস্ত্ৰৰ সঞ্চালনা আৰম্ভ হোৱাৰ অভিযোগৰ মাজতে বিটিআৰত বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ উদ্ধাৰ হৈছে৷
জানিব পৰা মতে, বিটিআৰৰ চিৰাং জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ হৈছে৷ চিৰাং জিলা আৰক্ষীয়ে বৃহস্পতিবাৰে ভাৰত-ভূটান সীমান্তত অভিযান চলাই পৃথক ঠাইৰ পৰা অস্ত্ৰ উদ্ধাৰ কৰে৷ ৰুণীখাতা আৰক্ষী থানা আৰু বিজনী আৰক্ষী থানা এলেকাত চলিছিল এই অভিযান৷ চিৰাং আৰক্ষীৰ দলটোৱে অভিযানকালত দুটা হস্তনিৰ্মিত একে ছিৰিজৰ ৰাইফল, এটা ৰিভলভাৰ, পাঁচ জাই সজীৱ গুলী, ৱাকী টকী ছেট আৰু তিনিটা চাৰ্জাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। অস্ত্ৰখিনি কোনো কূটাঘাট সংঘটিত কৰাৰ উদ্দেশ্যে ৰখাৰ সন্দেহ কৰা হৈছে৷ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷