বিধানসভাত হিন্দু বাংলাদেশী, এদিন অসমৰ মানুহে ‘কা’ দলিয়াই পেলাবঃ অখিল

২০১৯ চনৰ ১২ ডিচেম্বৰৰ দিনটোক লৈ আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি পুনৰ ‘কা’ মানি লোৱা নহয় বুলি হুংকাৰ দিয়ে৷ অখিল গগৈয়ে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি কয় যে ২০২৯ চনৰ ১২ ডিচেম্বৰত চৰকাৰে মোক যোৰহাটত গ্ৰেপ্তাৰ কৰিছিল৷ ২০১৯ চনৰ ১১ ডিচেম্বৰত সংসদত যেতিয়া ‘কা’ গৃহীত হৈছিল সিদিনা যোৰহাটত বিশাল প্ৰতিবাদী কাৰ্যসূচীত আছিলো৷ তাৰ পৰাই চৰকাৰে মোক গ্ৰেপ্তাৰ কৰি ১ বছৰ ৯ মাহ সময় মোক জেলত ৰাখি থৈছিল৷ মই ওলাই অহাৰ পিছতো ‘কা’ৰ বিৰোধিতা কৰিবলৈ এৰি দিয়া নাছিলো৷ আজিও আমি ‘কা’ নামানো৷ ভাৰত চৰকাৰে গৃহীত কৰিছে৷ অসমৰ মানুহে ‘কা’ কেতিয়াও নামানে৷ ‘কা’ এখন অবৈধ আৰু ক’লা আইন বুলি ঘোষণা কৰি গগৈয়ে কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল-সংগঠনে উচ্চতম ন্যায়ালয়ত গোচৰ তৰি থৈছে৷ কা’খন এখন বিতৰ্কিত আইন৷ ন্যায়ালয়ৰ বিচাৰাধীন আইন৷ যিদিনা উচ্চতম ন্যায়ালয়ে ৰায় দিব সিদিনা অসমৰ পক্ষত ৰায় দিব৷ অসমত ‘কা’ প্ৰযোজ্য হ’ব নালাগে বুলি নিশ্চয়কৈ ৰায় দিব৷ ইতিমধ্যে উচ্চতম ন্যায়ালয়ে ১৯৭১ চনৰ ২৫ মাৰ্চক নাগৰিকত্বৰ ভিত্তিবৰ্ষ কৰি ৰায় দিছে৷ এইটো ৰায়দিয়া উচ্চতম ন্যায়ালয়ে ‘কা’ ইয়াত নালাগে বুলি কোৱাটো খাতাং৷ অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীয়ে হিন্দু বাংলাদেশীৰ বিৰুদ্ধে যিমানে ওকালতি নকৰক কিয় অসমৰ মানুহে ‘কা’ কেতিয়াও নামানে বুলি স্পষ্ট কৰে৷ এদিন নহয় এদিন অসমৰ মানুহে অসমৰ পৰা ‘কা’ খন দলিয়াই, আতৰাই পঠিয়াব বুলি দাবী কৰি অখিল গগৈয়ে কয় যে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে কৈছে যে ‘কা’ খন অহাৰ পিছত অসমত কেৱল ৮জন মানুহেহে নাগৰিকত্ব পাইছে৷ ৮ জন মানুহক নাগৰিকত্ব দিবলৈ এখন আইনৰ দৰকাৰ নাই৷ বিজেপিয়ে কৈছে অসমলৈ বিদেশী অহাই নাই৷ কিন্তু বৰাকত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱা ধলাই সমষ্টিত বিজেপিৰ যিজন প্ৰাৰ্থী তেওঁ হিন্দু বাংলাদেশী৷ ১৯৮৪ চনত ভাৰতলৈ আহিছে৷ বাংলাদেশৰ হিন্দু নাগৰিক এজনক এইবাৰ তাত বিজেপিয়ে প্ৰাৰ্থী হিচাপে থিয় কৰালে৷ এজন বাংলাদেশী এইবাৰ অসম বিধানসভালৈ জয়ী হৈ আহিছে৷ যি কথা বৰাকৰ সকলো মানুহে জানে৷ বহু হিন্দু বাংলাদেশী অসমত সোমাই আছে৷

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…