
বিনা প্ৰতিদ্বন্দ্বিতাৰে অসমৰ দুই ৰাজ্যসভা আসনৰ পৰা নিৰ্বাচিত হ’ল বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস।
দুই ৰাজ্যসভা আসনৰ বাবে বিৰোধীয়ে কোনো প্ৰাৰ্থিত্ব প্ৰদান নকৰাত এক সহজ বিজয় সাব্যস্ত কৰে বিজেপিৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে।
আজি তেলী আৰু দাসক বিজয় ঘোষণা কৰি প্ৰমাণ পত্ৰ প্ৰদান কৰে নিৰ্বাচন আয়োগে।
উল্লেখ্য যে, যোৱা ২১ আগষ্টত ৰাজ্যসভাৰ দুই আসনৰ বাবে মনোনয়ন দাখিল কৰিছিল ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে।