

বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বিৰুদ্ধে এজাহাৰ দাখিল।
দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে গৌৰৱ সোমানী নামৰ হেঙেৰাবাৰীৰ এজন লোকে।
মাৰোৱাৰী, ভোজপুৰি, বেংগলী আৰু আন আন সম্প্ৰদায়ক ভীতি প্ৰদৰ্শন কৰাৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে।
উল্লেখ্য যে, দুদিন পূৰ্বে শিৱসাগৰত বহিৰাগত সম্প্ৰদায়ৰ কোনো ধৰণৰ সংস্থা চলিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰিছিল চলিহাই।
এনে মন্তব্যৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে বিভিন্ন সম্প্ৰদায়ৰ অনুভূতিত আঘাত হনাৰ অভিযোগ কৰিছে গৌৰৱ সোমানী নামৰ লোকজনে।
শৃংখল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ আহ্বান জনাইছে দিছপুৰ আৰক্ষীক।