বিভিন্ন সমস্যা সমাধানৰ দাবীত গোৰেশ্বৰত চিপিআই এমৰ তামুলপুৰ জিলা সমাৱেশ

শিক্ষাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ ভিতৰত অসম তলৰ পৰা দ্বিতীয় ৷ ইতিহাস আছে ৷ ভাৰতৰ ভিতৰত অসমৰ শিক্ষাৰ হাৰ বেচি আছিল ৷ আজি বে-চৰকাৰীৰ হাত শিক্ষা গতাই দিছে ৷ হাজাৰ হাজাৰ স্কুল বন্ধ হৈছে । অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে আটাইতকৈ দামী স্কুল খুলিছে ৷ বি জে পি নেতৃত্বাধীন চৰকাৰখনে কাৰ কাৰণে কাম কৰিছে? আজি আবেলি লোকনিৰ্মাণ বিভাগৰ গোৰেশ্বৰস্থ পৰিদৰ্শন বাংলাৰ বাকৰিত তামুলপুৰ জিলাৰ বিভিন্ন জলন্ত সমস্যা সমাধানৰ দাবীত অনুষ্ঠিত জিলা সমাৱেশত মুখ্যবক্তা হিচাপে অংশগ্ৰহণ কৰি চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এনেদৰে কয় । তেওঁ আৰু কয় আজি ঠিকাদাৰসকলে আন্দোলন কৰিব লগা হৈছে ৷ জলজীৱন বিভাগৰ ঠিকাদাৰসকলে প্ৰায় ৩২শ কোটি টকা পাবলগীয়া আছে । জলজীৱন বিভাগৰ ঠিকাদাৰৰ বিল আদায় দিব পৰা নাই ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীক ফাৰ্ম খোলাৰ নামত ৫০লাখ ৰাজসাহায্য দিয়ে ৷ সাধাৰণ মানুহক ১২শ টকা দিছে ৷ এই বিষয়ে প্ৰতিক্ৰিয়া হোৱাত মুখ্যমন্ত্ৰীয়ে পিচত মন্ত্ৰীয়ে কেনেকৈ খাব বুলি কয় । মুখ্যমন্ত্ৰীয়ে জানে জয়ন্ত মল্ল বৰুৱা যে পিচত বিধায়ক হৈ থাকিব নোৱাৰে ৷ উচ্চেদৰ প্ৰসংগ উত্থাপন কৰি বাওপন্থী আন্দোলনৰ নেতা তালুকদাৰে কয় খিলঞ্জীয়াক উচ্চেদ কৰি আম্বানি-আদানীক মাটি দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷ পৰ্বতজোৰাত ৩৬০০বিঘা মাটি দিয়াৰ বাবে উঠি পৰি লাগিছে ৷ পলাশবাৰীৰ বৰদোৱাত উচ্চেদৰ কাৰণে লাগি আছে। কেবিনেট মন্ত্ৰী অশোক সিংহলহতক মাটি দি খিলঞ্জীয়াক নিঃশেষ কৰাত লাগিছে ৷ পৰ্বতজোৰাত পুজিপতিয়ে খুলিব বিচৰা উদ্যোগত স্থানীয় যুৱক -যুৱতীয়ে কৰ্মসংস্থাপন নেপায় বুলিও কয় তালুকদাৰে। আজিলৈকে বি টি চি প্ৰধান প্ৰমোদ বড়োৱে বিজেপিৰ বিৰুদ্ধে কথা কোৱা নাই। শৰণীয়া সকলৰ জনজাতিৰ প্ৰমাণ পত্ৰৰ প্ৰসংগ উত্থাপন কৰি তালুকদাৰে শৰণীয়া সকলক জনজাতিৰ মৰ্যদা দিব লাগিবই বুলি দাবী উত্থাপন কৰে ৷ অসমত জনজাতি মানুহৰ মাজত চি পি আই (এম) দলৰ জন্মলাভ কৰিছিল বুলি উল্লেখ কৰি তালুকদাৰে সদায় দলটো জনজাতিৰ সপক্ষে মাত মাতি যাব বুলি কয় । ভাষণত আসন্ন বিটিচি নিৰ্বাচন প্ৰসংগ উত্থাপন কৰি তালুকদাৰে কয় যে বিজেপিৰ লক্ষ্য হ’ল কেনেকৈ ইউ পিপি এল বিপিএফক পেটত ভৰাই ল’ব পাৰি৷ আজি অগপৰ অৱস্থা কি হ’ল ? য’তেই আঞ্চলিক দল বি জে পিৰ লগত মিলিছে তাতেই নিশেষ হৈছে। আমি ইউ পি পি এল বিপিএফৰ বিৰোধী নহয় ৷ বিজেপিৰ লগত থাকিলে আমি বিৰোধী ৷ বিজেপি ত্যাগ কৰিলে আমি সদায় সমৰ্থন কৰিবলৈ সাজু আছো । গোৰেশ্বৰ আৰু শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিত চিপিআই (এম) ৰ প্ৰাৰ্থী থিয় কৰিব বিচাৰিছো । চিপিআই (এম)ৰ প্ৰতিনিধি হ’লে কোনো ডাঙৰ হোটেলৰ মালিক নহয় । বৰং সাধাৰণ মানুহৰ কাৰণে কাম কৰিব বুলি উল্লেখ কৰে । বি টি চিৰ কিমানটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব সেইকথা অহা কালি অনুষ্ঠিত দলৰ সভাত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও প্ৰকাশ কৰে। ভাৰতীয় গণনাট্য সংঘৰ গোৰেশ্বৰ শাখাৰ শিল্পীবৃন্দই হেমন্ত ডেকাৰ পৰিচালনাত পৰিৱেশন কৰাজাগ জাগ শ্ৰমিক কৃষক ভাই গৰীব ককাই ভাই ,লাঞ্চিত বঞ্চিত জনম দুখুনী আই শীৰ্ষক গীতৰে আৰম্ভ হোৱা সভাত চি পি আই (এম)ৰ তামুলপুৰ জিলা সমিতিৰ সম্পাদক বাপুৰাম বড়োৱে দিয়া আদৰণি ভাষণত বডোলেণ্ডত বসবাস কৰা সকলো জাতিজনগোষ্ঠীক সম অধিকাৰ প্ৰদান কৰা, গোৰেশ্বৰ ৰে’লগেটত উৰণীয়া সেতু নিৰ্মাণ কৰা,দীৰ্ধদিন ভোগদখল কৰা মাটিৰ পট্টা দিয়া,গোৰেশ্বৰ-ৰামছা -তামুলপুৰ পথৰ পুঠিমাৰী নদীৰ ওপৰত দলং নিৰ্মাণ কৰা,শৰণীয়াসকলক পূৰ্বৰ দৰে জনজাতিৰ প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা কৰা,তামুলপুৰ জিলা সকলো স্বাস্থ্যকেন্দ্ৰত পৰ্যাপ্ত চিকিৎসক নাৰ্চ, আৰু ঔষধ যোগানৰ ব্যৱস্থা কৰা,মহৰিপাৰা পৰা বাঙালীপাৰালৈকে থকা জৰাজীৰ্ণ পথ শীঘ্ৰে মেৰামতি কৰা,শুক্লাই চেৰফাং জলসিঞ্চন প্ৰকল্প উন্নত কৰা কাৰ্য দ্ৰুত কৰি পানীযোগানৰ ব্যৱস্থা কৰা, বৰলীয়া জলসিঞ্চন প্ৰকল্প উজ্বিবীত কৰণ আদিৰ দাবী উত্থাপন কৰে। কৃষকনেতা কৰুণা কান্ত ভূঞাৰ পৰিচালনাত অনুষ্ঠিত সমাৱেশত
সৰভোগৰ বিধানসভা সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে কয় যে ৰা ত্ৰিপোল ইঞ্জিনিৰ চৰকাৰে আজি অস্তিৰ পৰিৱেশৰ সৃষ্টি কৰিছে । এক উত্তেজনাৰ মাজেৰে অতিবাহিত কৰিব লাগা হৈছে জনসাধাৰণ ৷ কেৱল হিন্দু -মুছলমান । কাজিৰঙাত উচ্চেদ কৰিলে । পাচত উচ্চতম ন্যায়লৰ হস্তক্ষেপত ক্ষতিপুৰণ দিব লগা হ’ল ৷ অসমত এডভাণ্টেজ আসাম আৰম্ভ কৰিলে ৷ জাগীৰোডত একটকা দৰত মাটি দিছে ৷ প্ৰমোদ বড়োৰ লাজ আছে নে নাই, তেওঁ ট্ৰাইবেলৰ নেতা। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই ট্ৰাইবেলক লক্ষ্য কৰি লৈছে ৷ ৰাজ্যত ট্ৰাইৱেল আক্ৰান্ত ৷ বিপিএফ দল বাহিৰত কিন্তু বিধানসভাত বি জে পিৰ লগত সমৰ্থন কৰি আছে । এইখন চৰকাৰে হিন্দুৰো কাম নকৰে৷ হিন্দু প্ৰেমী চৰকাৰখনৰ দিনত গেছ চিলিণ্ডাৰ -ঔষধৰ দাম বাঢ়িছে৷ বিজেপিয়ে ট্ৰাইবেলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ৷ কাৰ্বিআলংৰ অৱস্থা কি হৈছে ৷ চি পি আই (এম)য়ে ইউ পি পিএল বিপি এফক কৈছিলো ৷ তোমালোকে বিজেপি পিঠিত নুঠিবা ৷ নামিব নোৱাৰিবা ৷ বিটিচিত যদি বি জে পিৰ চৰকাৰ হয় ট্ৰাইবেলৰ বেছি ক্ষতি হ’ব ৷ পঞ্চায়ত জিকিছে ৷ অৰোণোদয় উলাইছে ৷ আমাৰ মহিলাসকলে অৰোণোদয় কথা শুনিলে জপিয়াই দিয়ে । তেওঁলোকক লুভীয়া বুলি নকও ৷ অৰোণদয় কাটিম বুলি ভাবুকি দি ভোট আদায় কৰে । বি জে পিয়ে প্ৰলোভনৰ ৰাজনীতি কৰি আহিছে । নিৰ্বাচনৰ সময়ত বিভিন্ন আঁচনিৰ দিয়াৰ কথা ঘৰে ঘৰে প্ৰ-পত্ৰ লৈ আহিলে খেদি পঠিয়াবলৈ আহবান জনায় বিধায়ক তালুকদাৰে । বি টি আৰত চি পি আই (এম) দলে এইবাৰ ৰাজনৈতিক যুঁজ দিব বুলি ঘোষণা কৰি বিধায়ক মনোৰঞ্জন তালুকদাৰে। সভাত চি পি আই(এম)ৰ ৰাজ্যিক সমিতিৰ সদস্য বাসুদেব কলিতাও বি জে পি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ সমালোচনা কৰি ভাষণ দিয়ে।

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ