বিশিষ্ট চিন্তাবিদ, প্ৰগতিশীল লেখক, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা

এইবাৰৰ ’পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ আগবঢ়োৱা হৈছে বিশিষ্ট চিন্তাবিদ, প্ৰগতিশীল লেখক, ইতিহাসবিদ অধ্যাপক উদয়াদিত্য ভৰালীক ৷ পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই এক বিবৃতিত কয় যে কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ভৰালীয়ে দীৰ্ঘদিন ধৰি অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতত নিয়মীয়াকৈ লেখা-মেলা কৰি আহিছে ৷ ‘অসমীয়া প্ৰতিদিন’ৰ আৰম্ভণিতে ‘পৃষ্ঠভূমিৰ চিনাকি’ শিৰোনামেৰে বিভিন্ন দেশৰ বিষয়ে লেখি যি আলোড়নৰ সৃষ্টি কৰিছিল। তাৰ পৰৱৰ্তী কালত প্ৰতিদিনতে প্ৰাসংগিক পাণ্ডুলিপি’ শিতানৰে জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয় তথ্যসহ যুক্তিনিষ্ঠ বিশ্লেষণৰে চিন্তাৰ নতুন বাট মোকলাইছিল ৷ এগৰাকী সফল গল্পকাৰ হিচাপেও অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছে অধ্যাপক গৰাকীয়ে ৷ এগৰাকী ক্ৰীড়া সংগঠক , ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও সুকীয়া পৰিচয় দাঙি ধৰিছে ভৰালী ডাঙৰীয়াই ৷ বিশেষকৈ ইতিহাস চৰ্চাৰ ক্ষেত্ৰত ভৰালীয়ে অসমত এক নতুন দিশৰ সন্ধান দিছে ৷ পৰাগ কুমাৰ দাসৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত বিগত ২৫ বছৰ ধৰি আয়োজন কৰা তৰ্ক প্ৰতিযোগিতাৰ উদয়াদিত্য ভৰালী আছিল এগৰাকী অন্যতম গুৰি ধৰোঁতা ৷ পৰাগ কুমাৰ দাস সম্পাদিত ’বুধবাৰ ’ আৰু ’আগান’তো প্ৰবন্ধ লেখি জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়াইছিল ভৰালীয়ে ৷পৰাগ কুমাৰ দাস সাংবাদিকতা সন্মান ২০২৪ বৰ্ষত বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইলৈ আগবঢ়োৱা হৈছিল ৷ এইবাৰ ডঃ হীৰেন গোহাঁইৰ দ্বাৰা বিশিষ্ট চিন্তাবিদ, লেখক উদয়াদিত্য ভৰালীক তেওঁৰ বাসগৃহত অহা ১৮ মে’, দেওবাৰে পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হ’ব ৷ স্বাস্থ্যজনিত কাৰণত ১৭ মে’ত পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱসত প্ৰদান কৰিব লগীয়া বঁটাটো ১৮ মে’ দেওবাৰে দিনৰ ১১:৩০ বজাত প্ৰদান কৰা হ’ব ৷
  • Related Posts

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    “খিলঞ্জীয়াৰ মাটি পুঁজিপতিক গতাব”, ভূমি আইন সংশোধনৰ প্ৰস্তাৱক লৈ প্ৰশ্ন লুৰীণজ্যোতি গগৈৰ

    অসমত খিলঞ্জীয়া ৰাইজৰ পুৰুষ-পূৰ্বেৰে ৰক্ষা কৰি অহা ভূমি এতিয়া পুঁজিপতি গোষ্ঠীৰ হাতলৈ দিয়াৰ চেষ্টাত চৰকাৰ লিপ্ত হৈছে — এনে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম জাতীয় পৰিষদ (অজাপ)। আজি গুৱাহাটীত অনুষ্ঠিত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ