অসমত ২০২৬ চনৰ পূৰ্বে অনুষ্ঠিত ৰাজনীতিৰ চেমি ফাইনেলত আজি বিজেপি নেতৃত্বাধীন এনডিএ-এ শক্তি প্ৰদৰ্শন কৰিলে৷ ৫ সমষ্টিত অনুষ্ঠিত উপ-নিৰ্বাচনত আটাইকেইখন আসন এনডিএ-এ দখল কৰিবলৈ সক্ষম হৈছে৷ চিদলীত ইউপিপিএৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম, বঙাইগাঁৱত অগপ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰী, ধলাইত বিজেপিৰ নিহাৰৰঞ্জন দাস, চামগুৰিত বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা আৰু বিহালীত বিজেপিৰ দীগন্ত ঘাটোৱাল জয়ী হৈছে৷ চিদলীত ইউপিপিএলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই ৩৭ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে৷ নিৰ্মল কুমাৰ ব্ৰহ্মই ৯৫,২৪৩টা, বিপিএফৰৰ শুদ্ধ কুমাৰ বসুমতাৰীয়ে ৫৮,২২৭টা, কংগ্ৰেছৰ সঞ্জীৱ ৱাৰীয়ে ৭৬৩৪,টা ভোট লাভ কৰিছে৷ বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰী ৩৭ হাজাৰ ভোটৰ ব্যৱধানত জয় লাভ কৰিছে৷ দিপ্তীময়ী চৌধুৰীয়ে ৭৪,৭৩৪টা, কংগ্ৰেছৰ প্ৰাৰ্থী ব্ৰজেনসিৎ সিংহাই ৩৯,৫৭০টা, অগপৰ বিসম্বাদী ততা নিৰ্দলীয় শৈলেন্দ্ৰ সৰকাৰে ১৩,৩৮১টা ভোট লাভ কৰিছে৷ বিহালীত বিজেপিৰ প্ৰাৰ্থী দীগন্ত ঘাটোৱালে ৯ হাজাৰ ভোটৰ ব্যৱধাৱত জয়লাভ কৰিছে৷ দীগন্ত ঘাটোৱালে ৫০,৯৪৭, কংগ্ৰেছৰ জয়ন্ত বৰাই ৪১,৮৯৬টা আৰু চিপিআইএমএলৰ লক্ষীকান্ত কূৰ্মীয়ে ৫,০৯৩ ভোট লাভ কৰিছে৷ ধলাইত বিজেপিৰ প্ৰাৰ্থী নিহাৰৰঞ্জন দাসে ৯,০৯৮টা ভোটৰ ব্যৱধানত জয় লাভ কৰিছে৷ নিহাৰৰঞ্জন দাস ৬৯,৯৪৫টা ভোট, কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰকায়স্থাই ৬০,৮৪৭টা ভোট লাভ কৰিছে৷ চামগুৰি সমষ্টিত ২৪ হাজাৰ ভোটৰ ব্যৱধানত জয়ী হৈছে বিজেপিৰ দিপ্লুৰঞ্জন শৰ্মা জয়ী হয়৷ দিপ্লুৰঞ্জন শৰ্মাই ৮১,৩২১টা, কংগ্ৰেছৰ তাঞ্জিল হুছেইনে ৫৬,৮২০টা ভোট লাভ কৰিছে৷