
বিহাৰত ২০ বছৰে শাসন কৰি অহা নীতিশ কুমাৰ নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে একত্ৰিতভাৱে আগন্তুত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আজি সিদ্ধান্ত গ্ৰহণ কৰে। পাটনাত অনুষ্ঠিত আটাইকেইটা দলে বৈঠক অনুষ্ঠিত কৰাৰ পিছতে একত্ৰিত হৈ নিৰ্বাচন খেলাৰ সিদ্ধান্তত মোহৰ লাগে৷ কংগ্ৰেছ, আৰজেডি, বামপন্থী দলসমূহ আৰু বিকাশশীল ইনছান পাৰ্টিৰ মাজত মিত্ৰতাৰ মোহৰ লাগে৷ বিহাৰৰ ২৪৩খন আসনত ইণ্ডিয়া মিত্ৰজোঁটে একত্ৰিতভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব৷ পাটনাৰ ডিগা ৰিছৰ্টত অনুষ্ঠিত মহাগঠবন্ধনৰ তৃতীয় নিৰ্বাচনী বৈঠকত সকলো ২৪৩খন আসনত একত্ৰিতভাৱে প্ৰাৰ্থী নিৰ্বাচন কৰি প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জোটৰ শীৰ্ষ নেতাসকলে স্পষ্টকৈ কৈছে যে, নেতৃত্ব লৈ কোনো বিভ্ৰান্তি নাই। বৈঠকত উপিস্থিত আছিল ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তথা ৰাজ্যিক সমন্বয় সমিতিৰ মুৰব্বী তেজস্বী যাদৱ, বিহাৰ কংগ্ৰেছৰ দায়িত্বত থকা কৃষ্ণ আল্লাভাৰু, বিকাশশীল ইনছান পাৰ্টিৰ মুৰব্বী মুকেশ সাহানী, চিপিআইএমএলৰ সাধাৰণ সম্পাদক দীপংকৰ ভট্টাচাৰ্য আৰু বাম দলৰ অন্যান্য নেতাসকল। তেজস্বী যাদৱে বৈঠকত সকলো দলৰ নেতাসকলক ৰাইজৰ মাজলৈ গৈ মহাগঠবন্ধনে তেওঁ উপমুখ্যমন্ত্ৰী থাকোতে কৰা উন্নয়নমূলক কামবোৰ বৰ্ণনা কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, “আমাৰ চৰকাৰৰ সময়ছোৱাত পাচ লাখতকৈ অধিক যুৱক-যুৱতীক চাকৰি দিয়া হৈছিল। ক্ষমতাৰ পৰা আঁতৰি অহাৰ পাছতো আমাৰ ন্যায়ভিত্তিক সমাজ আৰু চাকৰি নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি বদ্ধ।” তেওঁ আৰু কয়, “নীতিশ কুমাৰ নেতৃত্বাধীন এনডিএ চৰকাৰৰ সময়ত আৰক্ষী আৰু চৰকাৰী কৰ্মচাৰীৰ অপব্যৱস্থা, দুৰ্নীতিৰ বিৰুদ্ধে আমিও দৃঢ়ভাৱে ৰাইজৰ সৈতে থাকিম।” মহাগঠবন্ধনে ২০ মে’ত কেন্দ্ৰীয় ট্রেড ইউনিয়নসমূহৰ দ্বাৰা আহ্বান জনোৱা দেশজুৰি ধর্মঘটত সমৰ্থন জনাব বুলি ঘোষণা কৰে। ৰাজ্যসভাৰ সাংসদ মনোজ ঝাই সংবাদ মাধ্যমক কয় যে আমি সকলো ২৪৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিম। প্ৰতিটো আসনত ইণ্ডিয়া মিত্ৰজোটৰ প্ৰাৰ্থী থাকিব। আমি সম্পূৰ্ণৰূপে একত্ৰিত আৰু নেতৃত্ব লৈ কোনো বিভ্ৰান্তি নাই। বিহাৰৰ ৰাইজেও জানে, আমাৰ নেতা কোন।” মুখ্যমন্ত্ৰীৰ মুখ হিচাপে কাক আগবঢ়াব তেনে প্ৰশ্নত ঝাই উত্তৰ দি কয় যে সকলোৱে জানে নেতা কোন, সময় আহিলেহে আনুষ্ঠানিক ঘোষণা কৰা হ’ব। ভিআইপিৰ নেতা মুকেশ সাহানীয়ে কয় যে জোটৰ উপস্থিতি কেৱল পাটনাত নহয়, সকলো জিলা, ব্লক, গাঁও পঞ্চায়ত আৰু বুথ স্তৰত নিশ্চিত কৰিব লাগিব। বিজেপি কেন্দ্ৰক জাতি জনগণনাৰ সিদ্ধান্ত লৈ বাধ্য কৰি আমাৰ জোটে ডাঙৰ সফলতা অৰ্জন কৰিছে। লোকসভা নিৰ্বাচনত মোদীৰ আসনৰ সংখ্যা ৩০৩ৰ পৰা ২৪০লৈ নামি অহা ইণ্ডিয়া জোটৰ প্ৰথম সফলতা। বিহাৰতো এনে ধৰণৰ ফলাফল সম্ভৱ।