বিহুৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানত ৬ খন চোফাৰ ভাড়া ১৭ লাখ, আৰটিআইত ওলাল বিস্ফোৰক তথ্য

বিহুৰ বিশ্ব ৰেকৰ্ডৰ নামত ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগত সংঘটিত হৈছিল বিয়াগোম দুৰ্নীতি৷ আজি ৰাইজৰ দলে এখন সংবাদমেল যোগে বিহুৰ বিশ্ব ৰেকৰ্ডৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ অসমৰ ৰাইজৰ কৰ-তাটলৰ ধন ৰাজকোষৰ পৰা ইভেণ্ট যোগে খৰচ কৰাৰ গুৰুতৰ অভিযোগ আনে ৰাইজৰ দলে৷ ৰাইজৰ দলৰ নেতা ৰাছেল হছেইনে আজি সংবাদমেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণিকি ভূঞা শৰ্মাৰ ঘনিষ্ঠ কীকী বাহিনীয়ে ৰাজ্য চৰকাৰৰ ইভেণ্টসমূহ দ্বাৰা কোটি কোটি টকা লুটিছে বুলি অভিযোগ আনে৷ দলটোৰ অভিযোগ মতে, ২০২৩ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ সৰুসজই ষ্টেডিয়ামত অনুষ্ঠিত কৰা বিহুৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠানৰ ইভেণ্টৰ নামত প্ৰায় ১৩ কোটি টকা লুণ্ঠন কৰিছিল৷ সৰুসজাইৰ বিহুৰ বিশ্ব ৰেকৰ্ডৰ অনুষ্ঠান অনুষ্ঠিত হৈ যোৱাৰ ৫ মাহ ১৭ দিন পিছত ইভেণ্ট মেনেজমেণ্টৰ নামত নিবিদা আহ্বান কৰা হৈছিল৷ মঞ্চ, আসন আদিৰ বাবে ৰাজ্য চৰকাৰে নিবিদাৰ আৱেদন কৰিছিল৷ এই নিবিদাত আছিল ১৫টা ক্ষেত্ৰত৷ বহা আসন, মঞ্চ-ৰভা আদিৰ৷ কিন্তু নিবিদাত মাথো এটা কোম্পানীয়ে অংশ লৈছিল৷ ১৫টা নিবিদাৰ বিপৰীতে একেই কোম্পানীয়ে কাম পাইছিল৷ সকলো কাম একেটা পৰিয়ালৰ তিনিজন ব্যক্তিৰ অনুষ্ঠানক দিয়া হৈছে৷ সকলো নিয়ম-নীতি ভুলুণ্ঠিত কৰি কমলজিৎ সিঙৰ কেপিটেল অভাৰলেজ, ভূপেন্দৰ পাল সিঙৰ এচিএমই ইভেণ্ট, গুলৰ্জাৰ সিঙৰ হোৱাইট দৌৰ ইভেণ্টে সকলো কাম পাইছে৷ এই তিনিটা কোম্পানীৰ ঠিকনা এটাই৷ পল্টনবজাৰৰ গোপানীথ নগৰ৷ কাম আছিল ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্প অস্থায়ী পেণ্ডেল, মঞ্চ আদি৷ কিন্তু অনুষ্ঠান অনুষ্ঠিত হৈ যোৱাৰ ৫ মাহ পিছত বেকডেটত নিবিদাৰ আহ্বান কৰি কীকী বাহিনীয়ে ১২.৬৮ লাখ টকা উলিয়াই নিয়ে৷ কীকী ভাতৃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাৰ একেবাৰে ঘনিষ্ঠ৷ কীকী ভাতৃয়ে কোভিদৰ নামত খাদ্য বিতৰণ নামতো কোটি কোটি লুণ্ঠন কৰাৰ অভিযোগ আছে৷ কভিদৰ অস্থায়ী চেণ্টাৰৰ নিৰ্মাণ কৰিছিল কী কী ভাতৃয়ে৷ কোভিদৰ সময়ত কোটি কোটি উলিয়াই নিছিল৷ সেই একেই কীকী গেঙৰ নেতৃত্বত বিহুৰ ৰেকৰ্ডৰ পেণ্ডেলৰ নামত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈছে৷ ঝুমুৰ নৃত্য, এডভাণ্টেজ আসামৰ সকলো অনুষ্ঠানৰ কামো কীকী বাহিনীক দিয়া হৈছে৷ এইটো এটা চিণ্ডিকেট৷ মুখ্যমন্ত্ৰীৰ নেতৃত্বত নেক্সাছ চলে৷ ৰাজকোষৰ পৰা মুকলি লুণ্ঠন চলি আছে৷ ২০২৩ চনৰ ১৪ এপ্ৰিলত বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈ গৈছিল যদিও নিবিদা আহ্বান কৰা হৈছিল ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰত৷ এনেদৰেই ১২ কোটি ৬৮ লাখ টকা কীকী বাহিনীয়ে লুটিলে৷ ৰাজকোষৰ ১২ কোটি ৬৮ লাখ টকা লুটিলে৷ তথ্য জনাৰ অধিকাৰ আইনৰ দ্বাৰা লাভ কৰা তথ্য অনুসৰি কী কী বাহিনীয়ে বিহুৰ গীনিজ ৰেকৰ্ডৰ অনুষ্ঠান একোখন চোফা ৩ লাখ টকাত ভাড়া লৈছিল৷ ৬ খন চোফা ভাড়াত দি ১৭ লাখ টকা বিল লাভ কৰিছিল৷ ১১ হাজাৰ শিল্পীয়ে অংশ লোৱা বিহুৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশ লৈছিল৷ যাৰ বাবে সৰুসজাই ষ্টেডিয়ামত অস্থায়ী মঞ্চ, ভিভিআইপিৰ আসন, পেণ্ডেল নিৰ্মাণ কৰিছিল৷ আটাইবোৰ কামৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিছে কীকী বাহিনীক৷ ১৫ নিবিদাৰ আহ্বানৰ ফলত কমলজিৎ সিঙৰ কেপিটেল অভাৰলেইজে ৮ টা কাম৷ অস্থায়ী পেণ্ডেল, কাঠৰ প্লেটফৰ্ম, গ্ৰাছ কাৰ্পেটিং, ভিউ কাটলাকৰ বাবে কেপিটেল অভাৰলেইজক ৯০,৫০,৬১৮ টকাৰ ঠিকা দিয়া হয়৷ ভিভিআইপি কোঠাৰ ফাৰ্ণিচাৰ আৰু প্লাষ্টিক চেয়াৰ যোগানৰ বাবে কমলজিৎ সিঙক ২৪,৪৩,৯৭৪ টকাৰ ঠিকা প্ৰদান কৰা হয়৷ কমলজিৎ সিঙক ৬ যোৰ চোফাৰ ভাডাৰ বাবাদ কমলজিৎ সিঙক প্ৰদান কৰা হৈছিল ১৭,৯০,৬৯২ টকাৰ ঠিকা৷ একেদৰে ৫০০ খন প্লাষ্টিকৰ চেয়াৰৰ নামত ৯,৭৩,৭৯০ টকাৰ ঠিকা দিয়া হৈছে৷ একেটা প্ৰতিষ্ঠানক একেটা দিনত প্লাষ্টিক চেয়াৰৰ ৰং কৰিবলৈ প্ৰদান কৰা হৈছিল ৩৮,৭৪,৩০৯ টকাৰ ঠিকা৷ কমলজিৎ সিঙক ৪-১১ , ১১-১৬ আৰু ১৬-২৩ নং গেলাৰীত ৰং দিয়াৰ বাবে ঠিকা দিয়া হয়৷ পৃথকে পৃথকে গেলেৰী ৰং কৰাৰ বাবদ ৭০,২৩,৩৬৭ টকা, ৭৪,৪৫,১০০ টকা, ফ্ল’ৰ পেইণ্টিঙৰ বাবদ ৮৩,১৯,২২৩ টকা, দক্ষিণৰ পৰা পশ্চিমলৈ গেলেৰীৰ বাহিৰ ৰং দিয়াৰ নামত ৭৫,৭৯,১৭৪ টকা আৰু উত্তৰৰ পৰা পূৱলৈ গেলেৰীৰ বাহিৰত ৰং দিয়াৰ নামত ৭৫,৭৯,১৭৪ টকাৰ ঠিকা প্ৰদান কৰা হয়৷ ভূপিন্দৰ সিং পালৰ এচিএম ই এভেণ্টছ এণ্ড এক্সপ’ৱে ৬টা কাম লাভ কৰিছিল৷ ভূপিন্দৰ সিং পালে অস্থায়ী মঞ্চ, অস্থায়ী টয়লেট আৰু অতিথিৰ বহাৰ ব্যৱস্থা কৰাৰ নামত ৯৬,৯৯,০৮৩ টকাৰ, কাঠৰ ফ্ল’ৰিং, ৰেড কাৰ্পেট পৰাৰ নামত ৯৮,৪৭,১০৮ টকাৰ, দুটা ডাইনিং হল, দুটা পাকঘৰ নিৰ্মাণৰ নামত ৭৪,৮৭,৪৯৪ টকা, তিনিটা সুকীয়া ডাইনিং হলৰ নামত ৮৭,৬৭,৪০৬ টকাৰ আৰু সৰুসজাই ষ্টেডিয়ামৰ মেৰামতিৰ নামত ৭২,৯৮,৯২১ টকাৰ ঠিকা লাভ কৰে৷ ষ্টেডিয়াম মেৰামতিৰ নামত ২,৩৪,৪১,৮২৫ টকাৰ ঠিকাও ভূপিন্দৰ পাল সিঙে লাভ কৰে৷ কাঠৰ ফ্ল’ৰিঙৰ বাবে ৯৬,৬১,৯৯৫ টকা, ৰেড কাৰ্পেটৰ বাবে ২০,৪৫,৮৬২ টকাৰ ঠিকা লাভ কৰে ভূপিন্দৰ পাল সিঙে৷ গুলৰ্জাৰ সিঙৰ হোৱাইট দ’ৰ ইভেণ্টছে সৰুসজাই ষ্টেডিয়াম মেৰামতিৰ বাবদ ৭০,২০,৬৮০ টকাৰ ঠিকা লাভ কৰে৷ ২০২৩ চনৰ ১৪ এপ্ৰিলত অনুষ্ঠিত বিহুৰ অনুষ্ঠানৰ পেণ্ডেল, মঞ্চ, মেৰামতি, পেইণ্টিং আদিৰ ঠিকা ২০২৩ চনৰ ৩০ ছেপ্তেম্বৰত কীকী বাহিনীক প্ৰদান কৰে৷ ৫ মাহ ১৭ দিন পাছত ভূপিন্দৰ পাল সিঙক ৪,৩১,০০,০১২ টকাৰ, কমলজিৎ সিঙক ৭,৬৭,৫৬,৭৬৪ টকা আৰু গুলৰ্জা সিঙক ৭০,২০,৮৬০ টকা ঠিকা দিয়া হয়৷ কীকী বাহিনীক ইভেণ্টৰ সকলো ঠিকা দিয়া হৈছে৷ ইডি, চিবিআই লগাই বিৰোধী নেতাক জেলত ভৰোৱা এই বিজেপি চৰকাৰে তদন্ত কৰিব নে নাই প্ৰশ্ন উত্থাপন কৰে ৰাইজৰ দলে৷

  • Related Posts

    ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

    অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ…

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে