বেমাৰী হাতীক উদ্ধাৰ কৰি নিছে আম্বানীৰ সংস্থাই!

অসমৰ ৰোগীয়া ঘৰচীয়া হাতীক শুশ্ৰূষা পাব বুলি যুক্ত দি বিজেপিৰ নেতা-সমৰ্থকে হাতী মুকেশ আম্বানীৰ চিৰিয়াখানালৈ নিয়াৰ পক্ষত দেখা যায়৷ হাতীক লৈ সামাজিক মাধ্যমত দুই গোটত পৰিণত হৈছে অসমৰ নেটিজেন৷ ৰাজ্যৰ একাংশ বুদ্ধিজীৱি, সাহিত্যিক, জাতীয় সংগঠনৰ নেতা, বিৰোধী দলৰ নেতাও হাতীৰ অসমৰ বাহিৰলৈ নিয়াৰ পক্ষপাতি নহয়৷ তাৰ মাজতে অসমৰ হাতী বুলি দাবী উত্থাপন হোৱা অৰুণাচলৰ পৰা অসমৰ মাজেৰে নিয়া হাতীক আদৰিবলৈ সাজু হৈছে মুকেশ আম্বানীৰ পৰিয়াল৷ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে বনতাৰাত উত্তৰ-পূৰ্বাঞ্চলৰ ১০টা মতা,, ৮ টা মাইকী, এটা প্ৰাপ্তবয়স্ক আৰু এটা পোৱালীসহ ২০টা হাতী আদৰণি জনোৱাৰ বাবে সাজু হৈছে। বনতাৰা কৰ্তৃপক্ষই এক বিবৃতি জাৰি কৰি কয় যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ দ্বাৰা সমৰ্থিত এই পদক্ষেপ৷ হাতী আৰু প্ৰাক্তন মালিকসকলৰ বাবে এক উজ্জ্বল ভৱিষ্যত নিশ্চিত কৰা হৈছে৷ বনতাৰাত মানৱীয় নিযুক্তিৰ ভূমিকা লাভ কৰিব।আঘাতপ্ৰাপ্ত প্ৰাপ্তবয়স্কসহ হাতীবোৰে প্ৰাকৃতিক বাসস্থানৰ প্ৰতিফলন ঘটা পৰিৱেশত জীয়াই থাকিব পাৰিব। হাতী সৰবৰাহক হাতী উদ্ধাৰ অভিযান আখ্যা দি বনতাৰাই আৰু কয় যে উদ্ধাৰে পশু কল্যাণ, বহনক্ষম জীৱিকা আৰু বন সংৰক্ষণৰ দিশত এক পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰিছে৷ যাৰ দ্বাৰা ব্যক্তিগত হাতীৰ মালিকীস্বত্বত নিষেধাজ্ঞাৰ সবল হ’ব। স্থানীয় বন বিষয়া আৰু পশু চিকিৎসকসকলে উন্নত চিকিৎসাৰ সুবিধা, যত্নত গুৰুত্ব দিব৷ এই পদক্ষেপে কেৱল হাতীক কঠোৰ পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰাই নহয় লগতে জীৱ-জন্তু সহাবস্থান আৰু সহানুভূতিৰ এক আৰ্হি প্ৰদান কৰিব। অৰণ্যত কাঠ টানিবলৈ ব্যৱহাৰ কৰা হৈছিল পোহনীয়া হাতীকেইটাক৷ হাতীকেইটাকেইটাৰ স্বাস্থ্যৰ অৱস্থা বেয়া আছিল৷ বনতাৰা কৰ্তৃপক্ষৰ পশু চিকিৎসক আৰু হাতী বিশেষজ্ঞই চিকিৎসা প্ৰদান কৰি হাতীৰ স্বত্বাধিকাৰী আৰু মাউতসকলক পৰ্যাপ্ত সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছে বনতাৰা কৰ্তৃপক্ষই। ইপিনে মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ে অসমৰ পৰা গুজৰাটৰ বানতাৰালৈ হাতী সৰবৰাহৰ অভিযোগ নস্যাৎ কৰিছে৷ আনহাতে একেটা বিবৃতিত দাবী কৰা মতে সেই হাতীসমূহ উদ্ধাৰ কৰা হৈছে৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে