
ৰাজধানীৰ ব্যস্ত বেলতলা বজাৰত আজি গাৰ্ডৱাল খহি পৰাত এগৰাকী জনজাতীয় মহিলাৰ মৃত্যু হয় আৰু অন্তত চাৰিজন লোক আহত হয়। নিহত মহিলাগৰাকী অঞ্জু ৰংহাং (৫০), যি শাক-পাচলি বিক্ৰী কৰিবলৈ বজাৰত আহিছিল।
ঘটনা সংঘটিত হয় বাহিনী নদীৰ দাঁতিৰ গাৰ্ডৱাল হঠাৎ বাগৰি পৰে । বজাৰত সাপ্তাহিক ভিৰ চলি থকাৰ সময়তে প্ৰচণ্ড আতংকৰ সৃষ্টি হয়। স্থানীয়সকলে উদ্ধাৰ অভিযান চলায় আৰু সংকটজনক অৱস্থাত আহতসকলক হাস্পতাললৈ লৈ যোৱা হয়। অঞ্জু ৰংহাংক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিও জীৱন ৰক্ষা কৰিব পৰা নহ’ল।
এই ঘটনাৰ পাছতে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে বজাৰত উপস্থিত হৈ বিজেপি চৰকাৰক তীব্ৰ ভাষাত আক্রমণ কৰে। তেওঁ কয় – “বেলতলাত কালেকচন ঠিকেই হৈছে, প্ৰটেকশ্যন নাই। বিজেপিৰ উন্নয়ন তলে তলে ফোপোলা। মুখ্যমন্ত্ৰীৰ সুৰক্ষিত অসমৰ দাবী মিছা প্ৰতিপন্ন হৈছে।”
অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই কয় – “চৰকাৰে গুণ্ডা টেক্স ল’ব জানে, কিন্তু জনসাধাৰণৰ সুৰক্ষাৰ দায়িত্ব ল’ব নাজানে। ৰাইজ সাৱধানে চলক, সকলো ঠাইতে যেনি তেনি মৰণ ফান্দ পাতি থৈছে।”
এই ঘটনাই ৰাজধানীত থকা জনবহুল বজাৰসমূহৰ গঠনগত সুৰক্ষাৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছে। স্থানীয় লোকসকলে বজাৰৰ অবিলম্বে নিৰীক্ষা আৰু নিৰাপত্তা ব্যৱস্থা গ্রহণৰ দাবী জনাইছে।