
ডিজিটেল ডেস্কঃ ব্যৱসায়ীক ভাবুকি দি উৎকোচ লোৱাৰ সময়তে হাতে-লোটে ধৰা পৰিল এগৰাকী ইডি বিষয়া। দিল্লীত লাজপত নগৰত অভিযান চলাই চিবিআইয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় দুৰ্নীতিগ্ৰস্ত ইডি বিষয়াগৰাকীক।
জানিব পৰা মতে, মুম্বাইৰ এগৰাকী ব্যৱসায়ীক ভুৱা গোচৰত জড়িত কৰোৱাৰ ভাবুকি দি ২০ লাখ টকা দাবী কৰিছিল ইডিৰ বিষয়া সন্দীপ সিঙ যাদৱে। বুধবাৰে সেই উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়তে চিবিআইয়ে অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক।
ইফালে সন্দীপ সিঙ যাদৱৰ গ্ৰেপ্তাৰৰ পিছতে তেওঁৰ বাসগৃহতো তালাচী চলায় চিবিআইৰ দলে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডৰ সৈতে কাম কৰা যাদৱক বিগত বৰ্ষৰ মে’ মাহত ইডিত সহকাৰী সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল।