ব্রহ্মপুত্রৰ পৰা সৃষ্টি মিছাইল ‘ব্রাহ্ম’ছ’ৰ নাম, দাবী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘ব্রাহ্ম’ছ’ মিছাইলৰ অসম সংযোগক আজি সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট কৰিছে৷ মিছাইলমেন ড০ এ পি জে আব্দুল কালামক স্মৰণ কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছে। মিছাইলমেন কালামে ‘ব্রাহ্ম’ছ’ নামটো অসমৰ আয়ুসৰেখা স্বৰূপ ব্রহ্মপুত্র নদী আৰু ৰাছিয়াৰ আয়ুসৰেখা মস্ক’ভাৰ পৰা ইয়াৰ সৃষ্টি হৈছিল বুলি উল্লেখ কৰিছে ড০ শৰ্মাই৷ ‘ব্রাহ্ম’ছ’ ৰাষ্ট্ৰৰ শক্তিৰ প্ৰতীকৰ লগতে মিছাইলৰ নামৰ গভীৰ অৰ্থ আৰু জাতীয় গৌৰৱৰ সৈতে সংযুক্তি উদ্ভাসিত কৰিছে। সামাজিক মাধ্যম যোগে কয় যে পৰম শ্রদ্ধাৰ ড০ এ পি জে আব্দুল কালাম ডাঙৰীয়াৰ এক স্মৰণীয় অসম ভ্রমণৰ কথা। তেখেতৰ অনুপ্রেৰণাদায়ক চিৰ পৰিচিত বাক শৈলীৰে ‘ব্রাহ্ম’ছ’ নামটিৰ আঁৰৰ গূঢ়ার্থক অতি সুন্দৰকৈ বর্ণনা কৰিছিল। ব্রাহ্ম’ছ কেৱল দুটা শব্দৰ মিলন নহয়—বৰঞ্চ ই স্বকীয় পৰিচয়, ঐতিহ্য আৰু শক্তিৰ সমন্বয়ৰ প্রতীক। শক্তি, স্থিতিস্থাপকতা আৰু গতিক সংজ্ঞায়িত কৰা অসমৰ আয়ুসৰেখা স্বৰূপ ব্রহ্মপুত্র নদী আৰু ৰাছিয়াৰ আয়ুসৰেখা মস্ক’ভাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। এই মিছাইল প্ৰযুক্তিগত সহযোগিতাৰে ভাৰতৰ প্ৰাকৃতিক শক্তিৰ প্রতি আগবঢ়োৱা এক উপযুক্ত সন্মান। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে আমাৰ অসমবাসীৰ দৃষ্টিকোণেৰে বিশ্বৰ আটাইতকৈ দ্রুতবেগী ছুপাৰছনিক ক্রুইজ মিছাইলৰ নামটি লুইতখনিৰ পৰা সৃষ্টি হোৱাতো অতিশয় গৌৰৱৰ কথা। প্রায় মেক ৩ বেগযুক্ত, লক্ষ্যৰ তীক্ষ্ণ সঠিকতা আৰু জল, স্থল আৰু বায়ুকে ধৰি ছাবমেৰিনলৈকে লক্ষ্যভেদ কৰিব পৰা বহুমুখী ক্ষমতাৰে ব্রাহ্ম’ছ হৈছে বিশ্বৰ বাবে ভাৰতৰ এটি সবল বার্তাৰ নাম। অসম ভূমিৰ সৈতে সম্পৃক্ত এই নাম অপাৰেশ্যন সেন্দূৰৰ সময়ত নিখুঁত অভিযানেৰে বিশ্বক আচৰিত কৰি তথা শত্রুক ভয়ত কম্পমান কৰি সীমাৰ সিপাৰতো গৰজি উঠিছিল। মুখ্যমন্ত্ৰীয়ে ই এক সামান্য মিছাইল নহয়, শক্তিশালী গতিৰে ই হৈছে মহাবাহু ব্রহ্মপুত্র ব্রাহ্ম’ছৰ কথাই শত্রুক সন্দিহান কৰি তোলে বুলি দাবী কৰে৷ তেওঁলোকৰ কম্পিত বুকুত বাজি উঠে আমাৰ নদীৰ গুৰুগম্ভীৰ শব্দ আৰু এপলকো চকু জাপ নোখোৱাকৈ কর্তব্যত মগ্ন এখন ৰাষ্ট্রৰ প্রবল ইচ্ছাৰ ধ্বনি। এয়া আমাৰ ভাৰত আৰু আমাৰ ভাৰতৰ অনন্য শক্তি বুলিও কয় ড০ শৰ্মাই৷

  • Related Posts

    কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

    দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

    আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

    অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ