ব্লক-মণ্ডল-বুথ সমিতিত কৰিব লাগিব কাম, ৫ সমষ্টিৰ বাবে ৫টা সমিতি গঠন কংগ্ৰেছৰ

উপ-নিৰ্বাচনৰ বাব তৎপৰতা আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছে৷ ইতিমধ্যে ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে সুকীয়া সুকীয়া সমিতি গঠন কৰিছে প্ৰদেশ কংগ্ৰেছে৷ বঙাইগাঁও, চামগুৰি, ধলাই, বিহালী আৰু ছিদলী বিধানসভা সমষ্টিৰ বাবে তিনি সাংসদ আৰু আন দুই নেতাক লৈ ৫টা সমিতি গঠন কৰিছে কংগ্ৰেছে৷

প্ৰতিটো সমিতিত আছে ৫জনকৈ সদস্য৷ এই সমিতিসমূহে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিত কমেও এমাহে কাম কৰিব লাগিব৷ ব্লক, মণ্ডল, বুথ সমিতি, ছ’চিয়েল মিডিয়া পৰিচালনা, পোলিং এজেণ্টৰ সৈতে কাম কৰি সমষ্টিত গণভিত্তি সবল কৰিব লাগিব৷

৫টা সমিতিয়ে উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ নোহোৱা পৰ্যন্ত ১৫ দিনৰ মূৰকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি, নিখিল ভাৰত কংগ্ৰেছক অগ্ৰগতিৰ তথ্য দাখিল কৰি থাকিব লাগিব।

বঙাইগাওঁ বিধানসভা সমষ্টিৰ বাবে গঠিত সমিতিত বিধায়ক জাকিৰ হুছেইন শিকদাৰ, ৰাজ্যিক উপ-সভানেত্ৰী ববিতা শৰ্মা, সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, আনোৱাৰ আহমেদ আৰু সম্পাদক অমৃত বাদশ্বাহক ৰখা হৈছে।

ধলাই সমষ্টিৰ বাবে গঠিত সমিতিত প্ৰাক্তন মন্ত্ৰী অজিত সিং, ৰাজ্যিক উপ-সভাপতি অৰুণ দত্ত মজুমদাৰ, সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন, স্বপন মণ্ডল আৰু আমিনুৰ ৰছিদ চৌধুৰীক ৰখা হৈছে৷

বিহালী বিধাসনভা সমষ্টিৰ বাবে গঠিত সমিতিত সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা, ৰাজ্যিক সমিতিৰ কোষাধ্যক্ষ হেম হৰি পেগু, সাধাৰণ সম্পাদক প্ৰেমলাল গঞ্জু আৰু সঞ্জু বৰুৱাক ৰখা হৈছে।

ছিদলী সমষ্টিৰ বাবে গঠিত সমিতিত সাংসদ গৌৰৱ গগৈ, ৰাজ্যিক উপ-সভাপতি নৱজ্যোতি তালুকদাৰ, সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰী, খালিলুৰ ৰহমান আৰু কনদৰ্প কলিতাক ৰখা হৈছে।

চামগুৰি বিধানসভা সমষ্টিৰ বাবে গঠিত সমিতিত সাংসদ ৰকিবুল হুছেইন, ৰাজ্যিক উপ-সভাপতি নৃপেন্দ্ৰ ঠাকুৰীয়া, উপ-সভাপতি নাছিৰ খান, সাধাৰণ সম্পাদক বিতুপন শইকীয়া আৰু সম্পাদক ৰেহান উদ্দিন আহমেদক ৰখা হৈছে।

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    ৰাজ্যত ম’হ যুঁজ-বুলবুলি যুঁজ সম্পূৰ্ণৰূপে বন্ধৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

    অসমত পুনৰ নিষিদ্ধ হ’ল ম’হ যুঁজ আৰু বুলবুলি চৰাইৰ যুঁজ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে প্ৰদান কৰিছে এই গুৰুত্বপূৰ্ণ ৰায়দান । মঙলবাৰে এই গুৰুত্বপূৰ্ণ গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে লগতে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…