অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বিজেপিৰ সদস্য ভৰ্তিৰ চাৰ্টিফিকেট থকাটো বাধ্যতামূলক বুলি বিজেপিৰ সভাপতি ভবেশ কলিতাই ভাষণত উল্লেখ কৰা বুলি অভিযোগ আনি প্ৰদেশ কংগ্ৰেছৰ নেতা ৰাতুল কলিতাই এজাহাৰ দাখিল কৰিছে৷ কংগ্ৰেছ নেতা ৰাতুল কলিতাই মহানগৰীৰ ভঙাগড় আৰক্ষী থানাত আজি এজাহাৰ দাখিল কৰে৷ জানিব পৰা মতে, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কালি ৰঙিয়াত অৰুণোদয়ৰ ৩.০ৰ আঁচনি উদ্বোধনৰ সময়ত অৰুণোদয় আঁচনিৰ ধন পাব লাগিলে বিজেপিৰ সদস্য হোৱাটো বাধ্যতামূলক বুলি কোৱা বুলি অভিযোগ আনে কংগ্ৰেছে৷ সেই মন্তব্যক সংবিধান আৰু গণতন্ত্ৰ বিৰোধী আখ্যা দি প্ৰদেশ কংগ্ৰেছে এজাহাৰ দাখিল কৰিছে৷ এজাহাৰ দাখিলৰ অন্তত ৰাতুল কলিতাই সাংবাদিকৰে মুখামুখি হৈ কয় য ভবেশ কলিতাই মানসিক ভাৰসাম্য হেৰুৱাইছে৷ যাৰ বাবে প্ৰলোভনৰ ৰাজনীতিৰ আশ্ৰয় লৈছে৷ ৰঙিয়াৰ দীপ্তেশ্বৰীত অনুষ্ঠিত বিজেপিৰ এখন ৰাজহুৱা সভাত ভবেশ কলিতাই ভাষণ প্ৰদান কৰি মহিলাক ধমক আৰু প্ৰলোভন দিছে৷ বিজেপি সদস্যভৰ্তিৰ বাবে জাৰি কৰা বিশেষ নম্বৰটোত মিছকল দিয়াটো বাধ্যতামূলক আৰু মিছকল দিয়াৰ ফলত যিখন চাৰ্টিফিকেট লাভ কৰিব সেই চাৰ্টিফিকেটখন অৰুণোদয় আঁচনিৰ বাবে মেণ্ডেটৰি৷ অৰ্থাৎ যিয়ে বিজেপিৰ সদস্য আৰু যাৰ বিজেপিৰ সদস্য হোৱাৰ চাৰ্টিফিকেট আছে তেওঁহে অৰুণোদয় আঁচনিৰ ১২৫০ টকা লাভ কৰিব৷ ৰাতুল কলিতাই এয়া সংবিধান বিৰোধী বুলি কৈ আৰু কয় যে ১২৫০ টকা ভবেশ কলিতাৰ পিতৃৰ পৈতৃক সম্পত্তিৰ পৰা দিয়া নাই৷ বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিতৃৰ সম্পত্তি বিক্ৰী কৰি এই ধন দিয়া নাই৷ বা মুখ্যমন্ত্ৰীৰ পত্নীয়ে দুইনম্বৰী কৰি ঘটা মাটি বিক্ৰী কৰি অৰুণোদয় আঁচনিৰ ধন দিয়া নাই৷ অৰুণোদয় আঁচনিৰ ধন হৈছে ৰাইজৰ৷ ৰাইজৰ ধন ৰাইজে পাব৷ কিন্তু ৰাইজৰ অধিকাৰ খৰ্ব কৰি ভবেশ কলিতাই ধমক দিয়া কাৰ্য গণতন্ত্ৰ বিৰোধী আৰু সংবিধান বিৰোধী৷ লগতে অনাগত দিনত এনে কাম নকৰিবলৈ ভবেশ কলিতাক সকীয়াই দি ৰাতুল কলিতাই কয় যে ৰন্ধনগেছ ১০০০ টকা হৈছে, মিঠাতেলৰ কিলো দুশ টকা হৈছে৷ সেইবোৰকহে গুৰুত্ব দিব লাগে৷ পিঁয়াজৰ দাম ৮০ টকা, আলুৰ দাম ৫০ টকা হোৱাত গৃহিনীসকল পাকঘৰত সোমাব পৰা নাই৷ ভবেশ কলিতাই যিখিনি মহিলাক বিজেপিৰ সদস্য হ’বলৈ ধমক দিছে সেইখিনি মহিলাই পাকঘৰত সোমাব পৰা নাই বুলিও কয় ৰাতুল কলিতাই৷
নৰ্থ ইষ্ট ফেষ্টিভেল: অৰুণীম ভূঞা, ৰীমা শৰ্মা আৰু অথৌবাক বঁটা প্ৰদান…
দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আয়োজিত নৰ্থ ইষ্ট ফেষ্টিভেলত কেবাগৰাকী বিশিষ্ট সাংবাদিক সন্মানীয় এন ই এফ মিডিয়া বঁটা ২০২৪ প্ৰদান কৰা হয়। দিল্লীত উত্তৰ পূৰ্বাঞ্চলৰ বিষয়সমূহ প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে…