ভয়ংকৰ পথ দুৰ্ঘটনা, কমাৰবন্ধাৰ আছু নেতা ৰাজপ্ৰতিম ৰাজখোৱাৰ বিয়োগ

গোলাঘাট জিলাৰ কমাৰবন্ধাৰ আছুৰ সক্ৰিয় নেতাৰ আকস্মিক বিয়োগত গভীৰ শোকৰ ছাঁ পৰিছে৷ এক পথ দুৰ্ঘটনাত পতিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ নেতা ৰাজপ্ৰতিম ৰাজখোৱাই অকালতে মৃত‍্যুক আকোৱালি লয়৷ ১১ অক্টোবৰত পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাজপ্ৰতিম ৰাজখোৱাক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰা হৈছিল৷ কিন্তু আছুনেতা ৰাজখোৱাই ডিব্ৰুগড় মেডিকেল কলেজত আজি শেষ নিশ্বাস ত্যাগ কৰে৷ কমাৰবন্ধা আঞ্চলিক ছাত্ৰ সন্থাৰ সক্ৰিয় নেতা আছিল ৰাজপ্ৰতিম৷ আছুৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেয়ে ৰাজপ্ৰতিমৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক এই শোক সহিব পৰাকৈ শক্তি প্ৰদানৰ কামনা কৰিছে৷ ৰাজখোৱাৰ অকাল মৃত‍্যুৰ বাতৰিয়ে আমাক মৰ্মাহত কৰিছে কমাৰবন্ধা অঞ্চলক।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক