
কাছাৰৰ ধলাইত ভয়ংকৰ ঘটনা।
পৰকীয়া প্ৰেমৰ অভিযোগত পত্নীৰ দুই হাত কাটিলে স্বামীয়ে।
ধলাইৰ জামালপুৰত সংঘটিত হৈছে এই ঘটনা।
পত্নীক আক্ৰমণৰ পিছৰে পৰা পলাতক হৈ আছে অভিযুক্ত স্বামী ৰফিক উদ্দিন।
গাঁওৰে আন এজন যুৱকৰ সৈতে পত্নী ৰুবি বেগমৰ প্ৰেমৰ সম্পৰ্কৰ সন্দেহ কৰিছিল ৰফিক উদ্দিনে।
এই লৈ স্বামী-স্ত্ৰীৰ মাজত বাক-বিতণ্ডা হোৱাৰ পিছতে দাৰে ঘপিয়াই পত্নীৰ দুয়োখন হাত কাটি পেলায় ৰফিকে।
ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্তই।
ইফালে সংকটজনক অৱস্থাত ৰুবি বেগমক হাস্পতালত ভৰ্তি কৰায় স্থানীয় ৰাইজে।