
২৮ মাৰ্চত ৭.৭ ৰিখটাৰ স্কেলৰ এক ভয়াবহ ভূমিকম্পই ম্যানমাৰক তচ-নচ কৰি পেলাইছে। বৰ্তমানলৈকে ১,০০০ লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১,৫০০ জন আঘাতপ্ৰাপ্ত হৈছে বুলি ৰাষ্ট্ৰীয় টেলিভিছনে প্ৰকাশ কৰিছে। সেনা-নিয়ন্ত্ৰিত চৰকাৰে আনুষ্ঠানিকভাৱে ৬৮ জন লোক নিৰুদ্দেশ হৈ থকাৰ কথা স্বীকাৰ কৰিছে।
প্ৰথম ভূমিকম্পৰ পিছতে একেৰাহে কেইবাটাও কম্পন অনুভত হৈছে। য’ত ৬.৪ ৰিখটাৰ স্কেলৰ এক শক্তিশালী কম্পনো অন্তৰ্ভুক্ত। এই কম্পনবোৰে বহু ঠাইত ঘৰ-দুৱাৰ, দলং আৰু বান্ধ ভাঙি পেলোৱাৰ লগতে এক ডেমৰো ক্ষতি সাধন কৰে। বিশেষকৈ মাণ্ডালয়ৰ ওচৰৰ অঞ্চলসমূহত বহুতো প্ৰাণহানি হৈছে। ভূমিকম্পৰ কেন্দ্ৰস্থল দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডালয়ৰ ওচৰত।
বৰ্তমানৰ ৰাজনৈতিক অস্থিৰতা আৰু চলি থকা গৃহযুদ্ধে পুনৰুদ্ধাৰ কাৰ্য্যত গুৰুতৰ বাধাৰ সৃষ্টি কৰিব পাৰে বুলি আশংকা কৰা হৈছে। দেশখনত ইতিমধ্যে মানৱীয় সংকটৰ মাজত এই প্ৰাকৃতিক দুৰ্যোগে পৰিস্থিতি আৰু জটিল কৰি তুলিছে।
ভূমিকম্পৰ কম্পন ভাৰত, চীন, কম্বোডিয়া, লাওছকে ধৰি কেইবাখনো দেশত অনুভৱ কৰা হৈছে। থাইলেণ্ডতো ইয়াৰ প্ৰভাৱ পৰিছে, য’ত ৰাজধানী বেংককৰ ওচৰৰ চাটুচাক বজাৰৰ এটা নিৰ্মাণস্থলীত ৬ জনৰ মৃত্যু, ২৬ জন আঘাতপ্ৰাপ্ত আৰু ৪৭ জন নোহোৱা হৈছে। ১৭ নিযুত জনবসতিপ্ৰবণ এই অঞ্চলত বহুতো উচ্চ অট্টালিকাত আতংকৰ ছবিও দেখা গৈছে।