

ডিজিটেল ডেস্কঃ শনিবাৰে দিল্লীত এটা অট্টালিকা ভাঙি পৰাৰ ফলত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা হৈছে। দিল্লীৰ মডেল টাউন এলেকাৰ মহেন্দ্ৰ এনক্লেভত শনিবাৰে এটা অট্টালিকা ভাঙি পৰে। এই ঘটনাৰ ফলত ধ্বংসস্তূপৰ মাজত বহু লোক আৱদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ পিছতে উদ্ধাৰকৰ্মী উপস্থিত হৈ তিনিজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহত সকলক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।
উত্তৰ-পশ্চিম জিলাৰ এজন আৰক্ষী বিষয়াই জনোৱা মতে, মডেল টাউন থানা এলেকাত দুমহলীয়া ঘৰটো ভাঙি পৰাৰ ফলত ভিতৰত কমেও ২০ জন লোক আৱদ্ধ হৈ পৰে। ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ধ্বংসাৱশেষৰ পৰা মানুহক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে। আজি দিনৰ প্ৰায় ২:৪৫ বজাত মহেন্দ্ৰু এনক্লেভত এটা পুৰণি ঘৰ মেৰামতি কৰি থকা অৱস্থাত ঘৰটো ভাঙি পৰাত এই ঘটনা সংঘটিত হয়।
দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, বিয়লি ৩ বজাত ঘৰটো ভাঙি পৰাৰ তথ্য লাভ কৰাৰ লগতে উদ্ধাৰ অভিযানৰ বাবে তিনিখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী প্ৰেৰণ কৰা হয়। স্থানীয় আৰক্ষী আৰু উদ্ধাৰকাৰী দলৰ অন্যান্য সদস্যৰ সহায়ত ধ্বংসাৱশেষৰ পৰা তিনিজন লোকক উলিয়াই ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। য’ত দুজনৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। ধ্বংসাৱশেষ আঁতৰোৱাৰ কাম চলি আছে। ধ্বংসাৱশেষৰ তলত আৰু কিছু লোক আবদ্ধ হৈ থকাৰ সম্ভাৱনা আছে।