ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

পেহেলগামত সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে মঙলবাৰে মাজনিশা ভাৰতীয় সেনাই ‘সেন্দূৰ’ অভিযানৰ জৰিয়তে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ ঘাটিত লক্ষ্য কৰি মিছাইল আক্ৰমণ চলায়। এই আক্ৰমণত জৈশ-ই-মহম্মদ (JEM)ৰ মুখ্য ঘাঁটি বাহাৱালপুৰৰ সৈতে জড়িত আছিল বুলি জানিব পৰা গৈছে। সূত্র অনুসৰি, এই অভিযানত জৈশ মুৰব্বী মৌলানা মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন সদস্য আৰু ৪ জন ঘনিষ্ঠ সহযোগী নিহত হয়। আজহাৰৰ এক বিবৃতিত উল্লেখ কৰা অনুসৰি, নিহতসকলৰ ভিতৰত আছে তেওঁৰ জ্যেষ্ঠ ভগ্নী, ভগ্নীৰ স্বামী, দুজন ভতিজা আৰু তেওঁলোকৰ পাঁচ সন্তান নিহত হয়। লগতে, আজহাৰৰ এজন সহযোগী আৰু তেওঁৰ মাতৃসহ আন দুজন ঘনিষ্ঠ সদস্যো মৃত্যু বৰণ কৰে। এই আক্ৰমণৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজহাৰে কয়, “বৰ্বৰতাৰ এই কাৰ্যই সকলো সীমা অতিক্ৰম কৰিছে। এতিয়া দয়াৰ কোনো আশা কৰা উচিত নহয়।” ১৯৯৯ চনৰ আই.চি.-৮১৪ বিমান অপহৰণ কাণ্ডৰ পিছত মুক্তিপ্ৰাপ্ত মাছুদ আজহাৰ বাহাৱালপুৰত জৈশ-ই-মহম্মদৰ মূখ্য ঘাটি গঢ়ি তোলে। ভাৰতত সংঘটিত কেইবাটাও বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ—২০০১ চনৰ সংসদ আক্ৰমণ, ২০০০ চনৰ জম্মু-কাশ্মীৰ বিধানসভা আক্ৰমণ, ২০১৬ চনৰ পাঠানকোট আৰু ২০১৯ চনৰ পুলৱামা আত্মঘাতী বিস্ফোৰণত তেওঁ আৰু তেওঁৰ সংগঠন জড়িত আছিল। ২০১৯ চনৰ মে’ মাহত ৰাষ্ট্ৰসংঘই মাছুদ আজহাৰক ‘বিশ্বত্ৰাস সন্ত্ৰাসবাদী’ হিচাপে ঘোষণা কৰে, যাৰ পূৰ্বে চীনে বহু বছৰ এই প্ৰস্তাৱ অবৰোধ কৰি ৰাখিছিল। ইফালে, পাকিস্তানৰ পঞ্জাৱ ৰাজ্যৰ তথ্য মন্ত্ৰী আজমা বোখাৰীয়ে জানিবলৈ দিয়ে যে বাহাৱালপুৰ আক্ৰমণত আহতসকলক ভিক্টোৰিয়া চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে। আনহাতে, পাকিস্তানী সেনাৰ মতে এই আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ বিপৰীতে ৪৬ জন আহত হৈছে। ভাৰতৰ এই কঠোৰ প্ৰতিক্ৰিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক স্পষ্ট বাৰ্তা বুলি বিশ্লেষকসকলে মন্তব্য কৰিছে। দেশৰ সকলো কোণত এই অভিযানক সমৰ্থন জনোৱা হৈছে।

  • Related Posts

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু