

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত শনিবাৰে নিশা ৯৩ বছৰ বয়সত দেহাৱসান ঘটে প্ৰাক্তন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কে নটৱৰ সিঙৰ।
পৰিয়ালৰ সূত্ৰই সদৰী কৰা মতে, শাৰীৰিক অসুস্থতাৰ বাবে বিগত দুসপ্তাহ ধৰি দিল্লীৰ সমীপৰ গুৰুগ্ৰামৰ মেদান্ত হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকী। তাতেই তেওঁ শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।
১৯৩১ চনত ৰাজস্থানৰ ভাৰতপুৰ জিলাত জন্মগ্ৰহণ কৰা কে নটৱৰ সিং কংগ্ৰেছৰ এগৰাকী প্ৰাক্তন সাংসদ হোৱাৰ লগতে ২০০৪-০৫ চনলৈ তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিং চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
তেওঁ পাকিস্তানত ৰাষ্ট্ৰদূত হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৬৬ চনৰ পৰা ১৯৭১ চনলৈকে প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ কাৰ্যালয়ৰ সৈতে সংযুক্ত আছিল।
১৯৮৪ চনত পদ্মভূষণ বঁটাৰে সন্মানিত কে নটৱৰ নাথে তেওঁৰ জীৱনকালত কেইবাখনো গ্ৰন্থও ৰচনা কৰিছিল।