ভূমি আইনসমূহ বিলুপ্ত কৰিব খোজাটো জন-বিৰোধী, আয়োগলৈ পত্ৰ প্ৰেৰণ অসম জাতীয় পৰিষদৰ

অসমৰ ভূমি আইনসমূহ বিলুপ্ত কৰি নতুন সংহত আইন প্ৰণয়ন কৰাৰ প্ৰস্তাৱক লৈ অসম জাতীয় পৰিষদে তীব্ৰ আপত্তি জনাইছে। দলটোৱে আজি ভূমি শাসন আয়োগৰ সচিব আৰু অসম চৰকাৰৰ ৰাজহ তথা দুৰ্য্যোগ ব্যৱস্থাপনা বিভাগক পৰামৰ্শ দাখিল কৰি তীব্ৰ আপত্তি দৰ্শাই৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু উপ-সভাপতি তথা অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া চন্দ্ৰকান্ত দাসে স্বাক্ষৰ কৰা পত্ৰখনত জাতীয়তাবাদী ৰাজনৈতিক দলটোৱে আয়োগৰ ঘোষণাত গুৰুত্বপূৰ্ণ অস্পষ্টতা আৰু অনিয়ম থকা বুলি অভিযোগ উত্থাপন কৰিছে। গুৰুতৰ অভিযোগ উত্থাপন কৰি অসম জাতীয় পৰিষদে কয় যে জনসাধাৰণ তথা দলসমূহে মতামত দিবলৈ যি পৰিমাণে তথ্য বা খচৰা আৱশ্যক, আয়োগে সেইবোৰ আগবঢ়োৱা নাই। অসম জাতীয় পৰিষদে প্ৰশ্ন উত্থাপন কৰি কয় যে আয়োগে কোনখন আইন বা কোন আইনৰ কোনবোৰ ধাৰাক ‘অগতিশীল’ আইন বুলি বুজাইছে তাৰ কোনো স্পষ্ট সংজ্ঞা নাই? অসম ভূমি আৰু ৰাজহ নিয়মাৱলী, ১৮৮৬ৰ বাহিৰে বাতিল বা সংশোধনৰ তালিকাত কিমানখন আৰু কোনখন আইন অন্তৰ্গত হৈছে, তাৰ উল্লেখ নাই৷ প্ৰস্তাৱিত নতুন সংহত ভূমি আইন বা বিধেয়কৰ খচৰা ৰাজহুৱা কৰা হোৱা নাই, ফলত তথ্যহীনতাৰ বাবে সঠিক পৰামৰ্শ দিয়াটো অসম্ভৱ। এতিয়া বিদ্যমান আইন, বিশেষকৈ অসম ভূমি আৰু ৰাজহ নিয়মাৱলী, ১৮৮৬ বাতিল কৰাৰ প্ৰস্তাৱ অবাস্তৱ বুলি দলটোৱে মন্তব্য কৰিছে। উক্ত আইনখন খিলঞ্জীয়াৰ ভূমিৰ সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে বুলি দলটোৱে উল্লেখ কৰে।
লগতে অসম জাতীয় পৰিষদে কয় যে আইনখনৰ ধাৰা ৭০(২) অনুসৰি, বহিৰাগত বা অনাকৃষক লোকক কৃষিভূমি নিলামত অংশগ্ৰহণ কৰিবলৈ বাধা দিয়ে, যি বিধানখন আজিও খিলঞ্জীয়া কৃষকসকলৰ সুৰক্ষাৰ বাবে অত্যন্ত প্ৰাসংগিক বুলি দাবী কৰি কয় যে প্ৰচলিত আইনসমূহৰ গঠন আৰু ভূমি-স্বত্ব ৰক্ষা কৰি আইন সংশোধন আনিব লাগে, বাতিল নহয়। অসমবাসীক বিশ্বাসত লৈ, স্বচ্ছভাৱে ভূমি আইনৰ কোনো সংশোধন কৰা উচিত। প্ৰচলিত স্বয়ংস্মপূৰ্ণ আইন থকা অৱস্থাত সংহত আইন প্ৰণয়নৰ কোনো প্ৰয়োজন নাই৷ প্ৰস্তাৱিত নতুন বিধেয়কৰ খচৰা ৰাইজৰ আগত প্ৰকাশ কৰি, তাৰ পিছত মতামত লোৱা উচিত। মতামত দাখিলৰ সময়সীমা ৩০ জুনৰ পৰিৱৰ্তে ৩০ ছেপ্তেম্বৰ, ২০২৫ পৰ্যন্ত বৃদ্ধি কৰাৰ লগতে ই-মেইলৰ বাহিৰেও লিখিত ৰূপত, জিলা/সমজিলাৰ আয়ুক্তৰ জৰিয়তে মতামত দিয়াৰ সুবিধা দিয়ক। জমা পৰা সকলো পৰামৰ্শৰ ৰচিদ দিয়ক আৰু সেইবোৰৰ গ্ৰহণ বা অগ্ৰহণৰ বিষয়ে স্বচ্ছভাৱে তথ্য (স্পীকং অৰ্ডাৰ) ৰাখিব লাগে। অসম চৰকাৰে বৰ্তমান ভূমি শাসন ব্যৱস্থাত আমূল পৰিৱৰ্তন আনিবলৈ এক সংহত আইনৰ খচৰা তৈয়াৰ কৰাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এই উদ্দেশ্যে গঠন কৰা ভূমি শাসন আয়োগে বিগত মাহত এক ৰাজহুৱা জাননী জাৰি কৰি ৰাইজৰ পৰা মতামত বিচাৰিছিল। অসম জাতীয় পৰিষদে এই সম্পূৰ্ণ প্ৰক্ৰিয়াটোক অগভীৰ আৰু জন-বিৰোধী বুলি আখ্যা দি, অধিক সময়, স্বচ্ছতা আৰু ৰাইজৰ গভীৰ অংশগ্ৰহণৰ দাবী জনাইছে।

 

  • Related Posts

    গুৱাহাটীত উত্তৰ-পূব খনিজ মন্ত্ৰীসকলৰ দ্বিতীয় সন্মিলন অসমত বন্ধ অবৈধ খননঃ জি কিষান ৰেড্ডী

    উত্তৰ-পূৰ্বাঞ্চলৰ খনিজ আৰু কয়লাৰ সম্ভাৱনাক বিকশিত কৰিবলৈ আজি গুৱাহাটীত দ্বিতীয় উত্তৰ-পূৱ ভূতত্ত্ব আৰু খনি মন্ত্ৰীসকলৰ সন্মিলন উদ্বোধন কৰা হয়। সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে…

    দুগ্ধ উৎপাদনৰ ৰাজসাহায্য কেলেংকাৰী-গীৰ গাই চুৰিৰ তদন্ত দাবী ৰাজ্যিক কৃষক সভাৰ

    দুগ্ধপামক ৰাজসাহায্য প্ৰদানক লৈ সংঘটিত কেলেংকাৰীক ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ পত্নী মনালিছা ভট্টাচাৰ্য্যৰ লগতে মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠই দুগ্ধ উন্নয়ন আঁচনিৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে