
শৃংখল চলিহাৰ বিৰুদ্ধে দাখিল কৰা দ্বিতীয়খন এজাহাৰো প্ৰত্যাহাৰ।
ভৰলু থানাত দাখিল কৰা এজাহৰখন উঠাই ল’লে এজাহাৰকাৰী শংকৰ সিঙে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে দিছপুৰ থানাত দাখিল কৰা এজাহাৰখনো প্ৰত্যাহ্বাৰ কৰিছিল এজাহাৰকাৰী গৌৰৱ সোমানীয়ে।
আলফা স্বাধীনে এজাহাৰ উঠাই নল’লে বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি সকিয়নী দিয়াৰ পিছতে এজাহাৰখন উঠাই লৈছিল সোমানীয়ে।
শংকৰ সিং নামৰ লোকজনেও আলফাৰ সকিয়নীৰ ভয়তে এজাহাৰ প্ৰত্যাহাৰ কৰাৰ সন্দেহ কৰা হৈছে।
ইফালে আজি শিৱসাগৰত খিলঞ্জীয়াৰ সন্মুখত আঁঠু লৈ ক্ষমা বিচাৰিছে অসমীয়াৰ ওপৰত আক্ৰমণ কৰা অভিযুক্ত আৰু মাৰোৱাৰী সমাজে।