

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ব্ৰাজিলৰ চাও পাওলোৰ সমীপত সংঘটিত হোৱা এক ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটে বিমানখনত থকা ৬২ জন যাত্ৰী আৰু ক্ৰু মেম্বাৰৰ। জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত বিমানখনত ৫৮ জন যাত্ৰী আৰু চাৰিজন ক্ৰু মেম্বাৰ আছিল। কিহৰ বাবে দুৰ্ঘটনা সংঘটিত হয় সেয়া জানিব পৰা হোৱা নাই।
ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’ত দেখা গৈছে যে এটিআৰ-৭২ বিমানখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। দুৰ্ঘটনাস্থলীৰ ওচৰত থকা প্ৰত্যক্ষদৰ্শী ডেনিয়েল ডি লিমাই কয় যে তেওঁ নিজৰ ঘৰৰ বাহিৰত তীব্ৰ শব্দ শুনিছিল। তেওঁ কয়, ”ঘৰৰ খিৰিকীৰে বাহিৰলৈ চাই দেখিলো আকাশত এখন বিমান উৰি আছে, কিন্তু হঠাতে বিমানখন আকাশৰ পৰা বাগৰি পৰে।’’
ডি লিমাই আৰু কয়, “মই ভাৱো যে পাইলটে বিমানখন ঘন জনবসতিপূৰ্ণ অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিছিল। বিষয়াসকলে প্ৰকাশ কৰা মতে বিমানখন ভূ পতিত হোৱা ঠাইত মাত্ৰ এটা ঘৰহে ক্ষতিগ্ৰস্ত হৈছে।”
দুৰ্ঘটনাস্থলীৰ সমীপত বাস কৰা নাটালি ছিছাৰীয়ে কয় যে তেওঁ খাদ্য খাই থকা অৱস্থাত দূৰৈৰ পৰা এটা প্ৰচণ্ড শব্দ শুনিছিল।
মন কৰিবলগীয়া যে, এই বিমান দুৰ্ঘটনাৰ পৰা সৌভাগ্যই ৰক্ষা কৰিছে কেইবাজনো যাত্ৰীৰ জীৱন। তাৰে এগৰাকী হৈছে এড্ৰিয়ানো এছিছ। তেওঁ পাৰানাৰ কাস্কাভেলৰ পৰা চাও পাওলো চহৰৰ গুয়াৰুলহছ বিমানবন্দৰলৈ টিকট কাটিছিল যদিও শেষ মুহূৰ্তত কোনো কাৰণত বিমানখনত উঠিব পৰা নাছিল।
তেওঁ কয়, “বিমানখনৰ উৰণ আৰু কেতিয়া উৰা মাৰিব সেই বিষয়ে কোনো তথ্য নাছিল। এই কথা ক’বলৈ কাউণ্টাৰত কোনো নাছিল। কোনোবাই যেতিয়াই তাত উপস্থিত হৈছিল তেতিয়াই তেওঁক কোৱা হৈছিল যে এতিয়া তেওঁ বিমানত উঠিব নোৱাৰে।এই ক্ষেত্ৰত কিন্তু মই বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতেও কথা পাতিলোঁ।”
আন এজন যাত্ৰী জোচে ফেলিপে কয় যে তেওঁ প্ৰথমে লাটামৰ টিকট বুকিং কৰিছিল। কিন্তু লাটাম বিমানবন্দৰ বন্ধ আছিল। বিমানবন্দৰ পাওঁতে তেওঁক কোৱা হ’ল যে তেওঁৰ বৰ্ডিং লিমিট পূৰণ হৈছে।
তেওঁ কয় যে তাত বহি থকা বিষয়াসকলৰ লগত তেওঁৰ কাজিয়া হৈছিল যদিও বিষয়াসকলে তেওঁক বিমানত উঠিবলৈ নিদিলে।
তেওঁ কয়, “এয়া এক শিহৰণকাৰী অভিজ্ঞতা। মই এতিয়াও কঁপি আছো। এই মুহূৰ্তৰ সাক্ষী কেৱল মই আৰু ঈশ্বৰ।”
আমেৰিকাৰ বিমান সুৰক্ষা বিশেষজ্ঞ এণ্টনি ব্ৰিকহাউছে কয় যে তদন্তকাৰীয়ে উৰণৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাৰ কাৰণৰ তদন্ত কৰাৰ সময়ত দুৰ্ঘটনাৰ পূৰ্বে বিমানখন সঠিকভাৱে চলি আছিল নে নাই সেই বিষয়ে বিবেচনা কৰিব।