
পত্নীক পাকিস্তানৰ আইএছআইৰ সৈতে সম্পৰ্ক থকা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে অভিযোগ উত্থাপন কৰি আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ সময়তে আজি কংগ্ৰেছৰ এখন সভাত অংশ লৈ গৌৰৱ গগৈয়ে চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ৰ পৰা মাথো ১০০ মিটাৰ নিলগত দিছপুৰৰ মানৱেন্দ্ৰ শৰ্মা কম্পপ্লেক্সত অনুষ্ঠিত প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সংবিধান ৰক্ষা সভাত অংশ লৈ বিজেপিয়ে তেওঁক টাৰ্গেট কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰে৷ সভাত ভাষণ প্ৰদান কৰি গৌৰৱ গগৈয়ে কয় যে বিজেপিৰ সম্পূৰ্ণ ইকো-চিষ্টেম মোৰ বিৰুদ্ধে লাগি গৈছে৷ যদি বিজেপিৰ ইকো-চিষ্টেম মোৰ বিৰুদ্ধে লাগি ভাবিছে যে মই দল-সলনি কৰিম তেন্তে সেয়া ভুল ভাবিছে৷ মই তৰুণ গগৈৰ পুত্ৰ হয়, মই বিজেপিলৈ ভয় নকৰো। উদাত্ত কণ্ঠে ভাষণ দি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে তেওঁলোকে যদি ভাবিছে মই পিছুৱাই যাম তেন্তে সেয়া ভুল ভাবিছো৷ কিয়নো মই তৰুণ গগৈৰ সন্তান৷ পত্নীৰ বিৰুদ্ধে অনা সকলো অভিযোগক ভিত্তিহীন বুলি কৈ মুখ্যমন্ত্ৰীৰ চকীতকৈ ৰাইজৰ আঙুলি অধিক শক্তিশালী। এজন দুৰ্বল ব্যক্তিয়েহে ভয়, ভাবুকি, অপপ্ৰচাৰৰ ওপৰত নিৰ্ভৰ কৰে বুলি আজি মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিয়ে গৌৰৱে৷ লগতে পত্নীৰ আইএছআইৰ সৈতে সম্পৰ্ক থকা বুলি অনা অভিযোগক লৈ আগ্ৰাসী ৰূপত গৌৰৱ গগৈয়ে উত্তৰ দি কয় যে আইএছআইক কোনে মাতি আনিছিল৷ ২০২৬ চনত মধ্য প্ৰদেশত আইএছআইৰ এজেণ্ট ধৰা পৰিছিল৷ সেইজন আছিল বিজেপিৰ৷ বিজেপিৰ আইটি চেলত কাম কৰি আছিল৷ আইএছআই কংগ্ৰেছ দলত নাই বুলি দাবী কৰি সাংসদগৰাকীয়ে কয় যে আইএছআই বিজেপি দলৰ ভিতৰত সোমাই গৈছে৷ তাক লৈ এছআইটি নহ’ল৷ পঞ্জাৱৰ পাঠানকোটলৈ আইএছআইক মাতি কোনে আনিছিল বুলি প্ৰশ্ন কৰি গগৈয়ে কয় যে মোৰ যে পাকিস্তানৰ সৈতে সম্পৰ্ক থকা কথাবোৰ কৈ আছে, ফটো দেখাই আছে৷ ২০১৬ চনত পাঠানকোটত আইএছআইক সোমাব দিছিল নৰেন্দ্ৰ মোদীয়ে৷ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানত বিৰিয়াণী খাবলৈ কিয় গ’ল বুলিও প্ৰশ্ন কৰে গগৈয়ে৷ সাংসদৰ প্ৰতি থকা নিয়ম মুখ্যমন্ত্ৰীয়ে নাজানে বুলি কটুক্তি কৰি কয় যে আমি বিদেশ নীতিৰ ফৰাম কৰিছিলো৷ তাত বহু মানুহে আলোচনা কৰিছিল৷ বিজেপিৰ লগতে বহু প্ৰভাৱশালী লোকে মোৰ ফৰামত ভাগ লৈছে৷ ১০ বছৰ ধৰি কাৰ চৰকাৰ চলি আছিল বুলিও প্ৰশ্ন কৰে গগৈয়ে৷ লগতে সাংসদ গগৈয়ে অসমৰ ৰাইজে ৰাজনীতিবিদ সকলৰ পৰা বহুত আশা কৰে বুলি প্ৰশ্ন কৰি কয় যে আমি ভিত্তিহীন, লেতেৰা ৰাজনীতি কৰাতকৈ অসমৰ জনসাধৰণক নতুন অৰ্থনীতি, সমাজনীতি, শিক্ষা-স্বাস্থ্য নীতি দিব পাৰো সেয়া আমাৰ মূল উদ্দেশ্যে হ’ব লাগে৷ মোক ভয় কৰিব নালাগে বুলি কৈ গৌৰৱে কয়ে যে মই অবাক৷ বিজেপিৰ ইকো-চিষ্টেমে কাম কৰিছে৷ মোক ভয় কৰিব নালাগে৷ অসমৰ জনসাধাৰণক ভয় কৰক৷ অসমৰ জনসাধাৰণে আপোনালোকৰ ব্যক্তিত্ব, আচৰণ, কথা ভাল পোৱা নাই৷ এয়া বিজেপিৰ চৰকাৰৰ দুৰ্বলতাৰ প্ৰমাণ৷ অস্থিৰতা প্ৰমাণ কৰিছে৷ আক্ৰমণৰ কাৰণ ব্যাখ্যা কৰি গৌৰৱ গগৈয়ে কয় যে বিজেপিৰ সাংগঠনিক সাল-সলনিৰ বাবে মুখ্যমন্ত্ৰী চিন্তিত৷ বিজেপিৰ আগতে যিমান দখল আছিল আজিৰ তাৰিখত সেই দখল নাই৷ ঝাৰখণ্ডৰ পিছত দিল্লীত মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠসকলক বেছিকৈ ব্যৱহাৰ কৰা নাছিল বুলি দাবী কৰে৷ ঝাৰখণ্ডত অপ্ৰাণ চেষ্টা কৰিলেও তাৰ ৰাইজে মুখ্যমন্ত্ৰীৰ অপপ্ৰচাৰ মানুহে মানি নল’লে৷ একেই অৱস্থা অসমত হ’ব৷ এই ভয়ৰ পৰা ৰক্ষা পাবলৈ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে লাগি গৈছে বুলি কয়৷ আজি এইদৰে হিমন্ত বিশ্বৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি মুকলি সভাত বক্তব্য প্ৰদান কৰে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে৷