মঙলদৈত প্ৰেমিকাৰ ভয়ংকৰ কাণ্ড, ঘৰলৈ মাতি নি প্ৰেমিকাক হত্যাৰ প্ৰয়াস

নগাঁৱৰ গড়াজানত একপক্ষীয় প্ৰেমৰ বাবে অনুপম সূত্ৰধাৰ নাম যুৱকে যুৱতীগৰাকীৰ পৰিয়ালৰ তিনি সদস্যক হত্যা কৰি নিজেও আত্মহত্যা কৰাৰ অভিযোগে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে দৰং জিলাৰ মঙলদৈত প্ৰেমিকক বৰ্বৰভাৱে প্ৰহাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰেমত পৰাটোৱে অপৰাধ হ’ল মঙলদৈৰ মোৱামাৰীৰ যুৱকৰ৷ মোৱামাৰীত যুৱতীৰ পৰিয়ালে যুৱকজনক বৰ্বৰভাৱে প্ৰহাৰ কৰে৷ সুদীপ মণ্ডল নামৰ যুৱকজনক প্ৰেমিকাৰ পৰিয়ালে হাত ভৰি ভাঙি পংগু কৰি দিয়াৰ অভিযোগ উঠিছে৷ সুদীপ মণ্ডলে ভালপোৱা ছোৱালীজনীৰ পিতৃ অধৰ মণ্ডল, খুড়াক ফালু মণ্ডল, জ্যেষ্ঠ ভাতৃ দেৱজিত মণ্ডলে প্ৰহাৰ কৰে সুদীপ মণ্ডলক। তিনি-চাৰিজন পুৰুষে ধৰি নখ পৰ্যন্ত এৰুৱাই দিয়ে সুদীপৰ৷ প্ৰাণবায়ু উৰি যাবলৈ খোজাত এটুপি পানী খাব খুজিছিল যদিও সুদীপৰ মুখত প্ৰস্ৰাৱ কৰি দিয়াৰ অভিযোগ উঠিছে। মঙলদৈ চহৰৰ সমীপৱৰ্তী মোৱামাৰী গাঁৱৰ অধৰ মণ্ডলৰ কন্যাৰ প্ৰেমত পৰিছিল সুদীপ মণ্ডল। ইজনে-সিজনক ভাল পাইছিল৷ সুযোগ বুজি ঘৰত কোনো নথকাত প্ৰেমিকাই সুদীপক ঘৰলৈ মাতে। ফোন কৰি প্ৰেমিকক ঘৰলৈ মাতি নি পৰিয়ালক গতাই দিয়ে৷ প্ৰেমিকাৰ ঘৰত উপস্থিত হোৱাৰ পিছতে সুদীপক পঘাৰে বান্ধি লয়৷ একপক্ষীয় প্ৰেম কৰাৰ অভিযোগ তুলি প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে৷ লেবেজান হোৱাৰ পিছতে মুকলি কৰি দিয়াত দীৰ্ঘসময়ৰ মূৰকত চেতনা ঘূৰাই পোৱাত পৰিয়ালে সেই খবৰ লাভ কৰাত সুদীপক উদ্ধাৰ কৰি মঙলদৈৰ ব্যক্তিগত হাস্পতালত ভৰ্তি কৰায়৷ সুদীপৰ পৰিয়ালে হত্যাৰ প্ৰয়াস কৰাত প্ৰেমিকাৰ পৰিয়ালৰ বিৰুদ্ধে মঙলদৈ সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে৷ কিন্তু আৰক্ষীয়ে দিয়া নাছিল কোনো গুৰুত্ব৷ যেতিয়া ৰাইজে আহি আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়া প্ৰেমিকাৰ পিতৃ অধৰ মণ্ডল, ককায়েক দেৱজিত মণ্ডল আৰু খুড়াক ফালু মণ্ডলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ সুদীপ মণ্ডল নিৰ্যাতন চলোৱা পৰিয়ালটোৰ মুৰব্বী অধৰ মণ্ডল গাঁওৰক্ষী বাহিনীৰ সদস্য।

  • Brahmaputra Times

    Related Posts

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    প্ৰধানমন্ত্ৰী আৰু জ্যোতিৰাদিত্য সিন্ধিয়াৰ পাছত মঙলবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ,কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ নিজ…

    নিজ বাহনক লৈ সজাগ হওঁক!

     জাৰকালিৰ সময়ছোৱাত নিশাৰ ভাগত কুঁৱলীৰ ডাঠ আচ্ছাদন পৰিবলৈ ধৰাত বাহন চলোৱাটো কঠিন, কষ্টকৰ হৈ পৰে । ফলত বছৰটোৰ এনেকুৱা সময়তে পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত-নিহতৰ সংখ্যাও সাধাৰণতে বৃদ্ধি পায় । সেয়ে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    এ আৰ ৰহমানৰ গীতেৰে জীপাল নগা পাহাৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…

    অসমৰ ঝুমুৰ নৃত্য চাবলৈ প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ হিমন্ত বিশ্বৰ…