
ডিজিটেল ডেস্কঃ মণিপুৰত অবৈধ মাৰাণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অব্যাহত ৰখা ব্যাপক অভিযানৰ মাজতে দেওবাৰে পাহাৰ আৰু উপত্যকা জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
থৌবাল জিলাত উয়ক চিং লেইৰংথেল পিত্ৰা অঞ্চলত ব্যাপক অনুসন্ধানৰ ফলত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীৰ যথেষ্ট পৰিমাণৰ ভাণ্ডাৰ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এটা মেগজিনসহ এটা ৯ মিমি চাব মেচিন গান, এটা ১২ ব’ৰ চিংগল বেৰেল গান, এটা ৯ এম এম পিষ্টল, এটা .৩২ কেলিবাৰ পিষ্টল, দুটা টিউব লঞ্চাৰ, দুটা এম কে আই আই এ ২ গ্ৰেনেড, দুটা ডিটনেটৰ, ছটা এইচ ই-৩৬ হেণ্ড গ্ৰেনেড, তিনিটা আৰ্মিং ৰিং, এটা চাইনিজ হেণ্ড গ্ৰেনেড, ৬৫ জাই সজীৱ গুলী, পাঁচটা টিয়াৰ স্মোক শ্বেল, এটা ষ্টান গ্ৰেনেড, এটা বুলেটপ্ৰুফ হেলমেট আৰু এটা চাৰ্জাৰৰ সৈতে এটা বাওফেং ৱাকি-টকি।
একেদৰে কাংপকপি জিলাৰ মিছন ভেং অঞ্চলত চলোৱা অভিযানত এটা মেগজিনসহ এটা ৭.৬২ মিমি ছেল্ফ লোডিং ৰাইফল (এছ এল আৰ), এটা বল্ট-একচন ৰাইফল, দুটা ১২ ইঞ্চিৰ চিংগল ব’ৰ বেৰেল গান, ৬ জাই সজীৱ গুলী, দুটা এইচ ই-৩৬ হেণ্ড গ্ৰেনেড জব্দ কৰা হয়।