

ডিজিটেল ডেস্কঃ দিল্লীৰ পৰা মণিপুৰলৈ বহু দূৰ, কিন্তু বাংলাদেশলৈ নহয়! সেয়ে দিল্লীৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰৰ পৰিৱৰ্তে বাংলাদেশৰ হিংসা পৰিস্থিতিহে দেখা পায়।
নিজৰ দেশৰ এখন ৰাজ্য বিগত এটা বছৰৰ অধিক সময় ধৰি গোষ্ঠীগত হিংসাৰ জুইত জ্বলি থকাৰ পিছতো সেই দৃশ্য চকুত নপৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিছে উদ্বিগ্ন হৈ পৰে বাংলাদেশৰ পৰিস্থিতিক লৈ।
ধৰ্মৰ ৰাজনীতিৰে ক্ষমতাৰ গাদী দখল কৰি থকা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উদ্বিগ্ন হৈ পৰে বাংলাদেশৰ সংখ্যালঘু হিন্দুৰ ওপৰত সংঘটিত কথিত নিৰ্যাতনক লৈ।
এনে পৰিপ্ৰেক্ষিতত ৭৮ সংখ্যক স্বাধীনতা দিৱসত লাল কিল্লাৰ পৰা দিয়া ভাষণত নিজৰ দেশৰ হিংসাজৰ্জৰ ৰাজ্য মণিপুৰৰ পৰিৱৰ্তে প্ৰধানমন্ত্ৰীৰ মুখত ফুটে বাংলাদেশৰহে কথা।
ভাষণত তেওঁ কয়, ”বাংলাদেশৰ ঘটনাক লৈ মই উদ্বেগ প্ৰকাশ কৰিছোঁ। আশা কৰোঁ শীঘ্ৰেই বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক হ’ব। বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষা নিশ্চিত কৰাক লৈ চিন্তিত। অনাগত দিনত বাংলাদেশৰ বিকাশ যাত্ৰাত সহযোগিতা আগবঢ়াম।’’
উল্লেখ্য যে, বাংলাদেশৰ পদত্যাগী আৰু পলাতক প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। হাছিনাৰ কাৰ্যকালতে বাংলাদেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰ কৈছিল- ”মই বাংলাদেশৰ বাবে কাৰাবাসো খাটিছো।’’