
উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰ দুটা বছৰে অস্থিৰ৷ আজি মণিপুৰ হিংসাৰ দুটা বছৰ সম্পূৰ্ণ কৰিলে৷ আজিৰে দিনটোত মণিপুৰত চলি থকা জাতিগত সংঘাত আৰু হিংসাৰ দুটা বছৰ পূৰ্ণ হ’ল। উত্তৰ-পূৰ্বাঞ্চলৰ এই জটিল-সংবেদনশীল ৰাজ্যখনত বৰ্তমান ৰাষ্ট্ৰপতি শাসন চলি আছে৷ দুবছৰৰ এই দীঘলীয়া সংকটৰ পিছতো আজিও স্বাভাৱিকতা উভতি অহা নাই। এই পৰিস্থিতিক লৈ কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰিছে। ৰাহুল গান্ধীয়েও আজিৰ দিনটোত সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ কৰে৷ ৰাহুল গান্ধীয়ে দুটা বছৰে প্ৰধানমন্ত্ৰীয়ে মোদীয়ে মণিপুৰ ভ্ৰমণ নকৰাত আক্ষেপ প্ৰকাশ কৰে৷ গান্ধীয়ে কয় যে দুবছৰ পূৰ্বে সংঘটিত হিংসাই মণিপুৰৰ সামাজিক গাঁথনি ধ্বংস কৰিলে৷ কিন্তু এতিয়াও স্বাভাৱিকতা বহুত দূৰ। মোদী চৰকাৰে শান্তি স্থাপনৰ পৰিৱৰ্তে ৰাষ্ট্ৰপতি শাসন আৰোপ কৰি ৰাজ্যখনক এক কৰি ৰখাত সম্পূৰ্ণ ব্যৰ্থ। দুই শতাধিক লোকৰ মৃত্যু ঘটিছে, হাজাৰ হাজাৰ লোক আজিও গৃহহাৰা হৈ শিবিৰত। তথাপিও প্ৰধানমন্ত্ৰীয়ে এবাৰো মণিপুৰ ভ্ৰমণ কৰা নাই। এই নীৰৱতা সংবিধানিক দায়িত্বৰ সম্পূৰ্ণ অবহেলা। প্ৰতিটো দিনৰ অবহেলাই মণিপুৰৰ আঘাত গভীৰ কৰি তুলিছে। ইপিনে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্স যোগে কয় যে ২০২২ চনৰ ফেব্ৰুৱাৰীত বিজেপিয়ে মণিপুৰত বৃহৎ জনাদেশৰ সৈতে চৰকাৰ গঠন কৰিছিল। কিন্তু ২০২৩ চনৰ ৩ মে’ তাৰিখে সাম্প্ৰদায়িক হিংসা আৰম্ভ হয়। এই হিংসাই তথাকথিত ডবল ইঞ্জিন চৰকাৰৰ নিজ-কৰ্মফলৰ ফলস্বৰূপেই ধ্বংস সূচনা কৰিছিল। তিনি মাহৰ ভিতৰত, উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিবলগা হৈছিল যে ৰাজ্যখনত সংবিধানিক যন্ত্ৰ সম্পূৰ্ণ ভাঙি পৰিছে। ৰমেশে উল্লেখ কৰে যে কংগ্ৰেছৰ অনাস্থা প্ৰস্তাৱৰ প্ৰেক্ষাপটত কেন্দ্ৰই ২০২৫ চনৰ ১৩ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি শাসন জাৰি কৰে৷ ৰাইজৰ দাবীৰ প্ৰায় ২০ মাহ পিছত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়৷ জয়ৰাম ৰমেশে আৰু কয় যে মণিপুৰৰ পীড়া অব্যাহত আছে। ৰাজনৈতিক নাটক চলি আছে। কোনো শান্তিৰ প্ৰক্ৰিয়া নাই। ৬০ হাজাৰতকৈ অধিক লোক গৃহহাৰা অতি কঠিন অৱস্থাত শিবিৰত আছে। প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্য কৰি ৰমেশে কয় তেওঁ মণিপুৰৰ কোনো লোকৰ লগত দেখা কৰা নাই, ৰাজ্যখনলৈ যোৱা নাই। বিশ্ব ভ্ৰমণ কৰা সময় উলিয়াই৷ কিন্তু মণিপুৰৰ ৰাইজৰ সৈতে সহানুভূতি প্ৰকাশৰ সময় নাই। ব্যৰ্থ গৃহমন্ত্ৰীলৈ সকলো দায়িত্ব অর্পণ কৰি নিজে আঁতৰি ৰোৱা হৈছে। উল্লেখ্য যে, মণিপুৰত ২০২৩ চনৰ ৩ মে’ তাৰিখে মেইতেই আৰু কুকি-জো জনগোষ্ঠীৰ মাজত ভয়ংকৰ হিংসা আৰম্ভ হয়৷ য’ত এতিয়ালৈকে ২২০তকৈ অধিক লোক নিহত আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ শিবিৰত দিন কাটাইছে।