মধ্য আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ ডেপুটি ৰেঞ্জাৰ আতাউৰ হক ইছলামক চাকৰিৰ পৰা নিলম্বন

গোৱালপাৰা জিলাৰ এগৰাকী বন বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বন বিভাগৰ চাকিৰটোক ধন ঘটনাৰ আহিলে হিচাপে ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপিত ৰেঞ্জাৰ আতাউৰ হক ইছলামক নিলম্বন কৰিছে বিভাগটোৱে৷ ৰেঞ্জাৰ আতাউৰ হক ইছলামৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন হৈ অহাৰ মাজতে এইবাৰ বক্ৰ পথেৰে খনন মাফিয়াক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত খননৰ অনুমতি দিয়াৰ অভিযোগ উত্থাপন হৈছিল৷ আতাউৰ হক ইছলামৰ বিৰুদ্ধে বিভাগৰ নীতি-নিৰ্দেশনা নামনি ৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে খনন চলাবলৈ অনুমতি দিয়াৰ লগতে ভুৱা ছীল তৈয়াৰ কৰি অনুমতি পত্ৰত লগোৱাৰ অভিযোগ উঠিছে৷ জানিব পৰা মতে, কৃষ্ণাইৰ মধ্য আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ডেপুটি ৰেঞ্জাৰ হিচাপে কৰ্মৰত আতাউৰ হক ইছলাম৷ ইছলামৰ এলেকাত কৃষ্ণাইৰ নদীপৰীয়া আৰু বনভূমিত খনন কৰাৰ বিভাগীয় অনুমতি দিয়া হৈছিল খনন মাফিয়াক৷ খনন মাফিয়াই খনন কৰি থকা এলেকা আছিল সংৰক্ষিত বনাঞ্চল৷ অভিযোগৰ ভিত্তিত বিভাগীয় তদন্ত চলাই বন বিভাগৰ নীতি-নিৰ্দেশনা উলংঘা হোৱাত চাকৰিৰ পৰা নিলম্বন কৰা হয় ইছলামক। ইছলামে যি ঠাইত খননৰ অনুমতি দিছিল সেই ঠাই আছিল প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল৷ সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে খনন চলাবলৈ দিয়া অনুমতিৰ বাবে আৰু নিজে ছীল তৈয়াৰ কৰি ব্যৱহাৰ কৰাৰ অভিযোগত চাকৰিৰ পৰা ইছলামক নিলম্বন কৰা হয়।

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…